Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 33:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 যাকোবে তেওঁক ক’লে, “মোৰ মালিকেতো জানেই যে, এই ল’ৰা-ছোৱালীবোৰৰ বয়স বেচি নহয় আৰু মোৰ লগত থকা মেৰ-ছাগ গৰুৰ জাকবোৰৰ পিয়াহ খোৱা পোৱালিও আছে। যদি ততাতৈয়া কৰি সিহঁতক এটা দিনো লৈ যোৱা হয়, তেন্তে আটাইবোৰেই মৰি যাব।

অধ্যায়টো চাওক কপি কৰক




আদি 33:13
10 পৰস্পৰ সংযোগসমূহ  

পাছত এচৌৱে ক’লে, “আহাঁ, আমি আমাৰ পথত যাওঁহঁক। মই তোমাৰ আগে আগে যাম।”


তাতোকৈ বৰং মোৰ মালিকে তেওঁৰ এই দাসৰ আগেয়ে যাওঁক; মই চেয়ীৰত মোৰ প্ৰভুৰ ওচৰলৈ গৈ নাপাওঁমানে, মোৰ আগত থকা পশুধন আৰু ল’ৰা-ছোৱালীবোৰে যাব পৰাকৈ মই অধিক ধীৰে ধীৰে যাব লাগিব।”


দায়ূদে ক’লে, “মোৰ পুত্ৰ চলোমন ডেকা ল’ৰা আৰু তেওঁৰ অভিজ্ঞতা হোৱা নাই, আৰু যিহোৱাৰ অৰ্থে যি গৃহ সজা হ’ব বিষেশৰূপে আকৰ্ষণীয় হ’ব লাগিব, সেয়া আন সকলো দেশতো প্রখ্যাত আৰু খ্যাতিমান হ’ব, লাগিব। সেয়ে এই গৃহৰ বাবে মই প্রস্তুত হ’ব লাগিব।” সেই কাৰণে দায়ূদে তেওঁৰ মৃত্যুৰ আগতে ব্যাপক হাৰত বস্তু প্রস্তুত কৰিলে।


গাখীৰ দিয়া মেৰ-ছাগৰ জাক প্রতিপালন কৰা কামৰ পৰা তেওঁক লৈ আনিলে, যাতে তেওঁ যিহোৱাৰ লোকসকলক অর্থাৎ যাকোবৰ বংশক, যি সকল তেওঁৰ আধিপত্য সেই ইস্ৰায়েল জাতিক চৰাব পাৰে।


যিজনে সত্যতাত চলে, তেওঁ নিজৰ পশুৰ প্রয়োজনীয়তালৈ যত্ন কৰে; কিন্তু দুষ্টলোকৰ সহানুভুতি নিষ্ঠুৰতাযুক্ত।


তেওঁ মেৰ-ছাগ ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত মেৰ-ছাগ পোৱালিক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।


তাৰ পাছত লোকসকলে তেওঁলোকক যি দৰে কৈছিল, সেইদৰেই কৰিলে; খীৰঁতী গাই গৰু আনি ৰথত লগালে, আৰু সিহঁতৰ পোৱালি দুটাক ঘৰত বান্ধি হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন