Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 31:55 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

55 পাছদিনা পুৱাতে উঠি লাবনে তেওঁৰ জীয়েক আৰু নাতি-নাতিনীক চুমা খাই আশীৰ্ব্বাদ কৰিলে। তাৰ পাছত লাবনে প্ৰস্থান কৰি নিজৰ ঘৰলৈ উভটি গ’ল।

অধ্যায়টো চাওক কপি কৰক




আদি 31:55
18 পৰস্পৰ সংযোগসমূহ  

অব্ৰাহামৰ সৈতে কথোপকথন শেষ হোৱাৰ পাছত যিহোৱা নিজ বাটেদি সেই ঠাইৰ পৰা গুচি গ’ল আৰু অব্ৰাহামো নিজৰ ঘৰলৈ উভটি গ’ল।


তেওঁলোকে ৰিবেকাক আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “হে আমাৰ ভনী, তুমি অযুত অযুত লোকৰ আদি-মাতৃ হোৱাগৈ, আৰু তোমাৰ বংশই তোমাক ঘৃণা কৰা লোকসকলৰ নগৰৰ দুৱাৰবোৰ অধিকাৰ কৰক।”


ইচহাকে যাকোবক মাতি আশীৰ্ব্বাদ কৰিলে আৰু এই আজ্ঞা দিলে, “তুমি কনান দেশৰ কোনো ছোৱালী বিয়া নকৰিবা।


ৰাহেলে যোচেফক প্ৰসৱ কৰাৰ পাছত যাকোবে লাবনক ক’লে, “এতিয়া মোক বিদায় দিয়ক যাতে মই নিজৰ দেশ আৰু নিজৰ ঘৰলৈ যাব পাৰোঁ।


তুমি মোক মোৰ ছোৱালী আৰু নাতি-নাতিনীবোৰক বিদায় বেলাত চুমা খাবলৈকো নিদিলা। তুমি অজ্ঞানৰ দৰে কৰ্ম কৰিলা।


এই কথাত লাবনে যাকোবক উত্তৰ দি ক’লে, “ছোৱালীকেইজনী মোৰেই ছোৱালী, সন্তানবোৰ মোৰ নাতি-নাতিনী আৰু এই পশুৰ জাকবোৰো মোৰ পশুৰ জাক। তুমি যি সকলো দেখিছা, সেই সকলোবোৰ মোৰেই। তথাপিও মই আজি মোৰ এই ছোৱালী বা সিহঁতৰ সন্তানবোৰলৈ কি কৰিব পাৰোঁ?


তেতিয়া এচৌৱে তেওঁৰ ওচৰলৈ দৌৰি আহি তেওঁক সাৱটি ধৰিলে; ডিঙিত ধৰি সাৱটি চুমা খালে আৰু তাৰ পাছত দুয়োৱে কান্দিবলৈ ধৰিলে।


পাছে সকলো মানুহে যৰ্দ্দন পাৰ হ’ল আৰু ৰজায়ো পাৰ হ’ল; পাছত ৰজাই বৰ্জ্জিলয়ক চুমা খাই বিদায় দিলে৷ তেওঁ নিজ ঠাইলৈ উভটি গ’ল।


অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব; তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা।


যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে।


তেতিয়া বালাকে বিলিয়মক ক’লে, “আপুনি মোলৈ এইয়া কি কৰিলে? মোৰ শত্ৰুবোৰক শাও দিবলৈ মই আপোনাক অনিলোঁ; আপুনি সিহঁতক সকলো ভাৱে আশীৰ্ব্বাদহে কৰিলে।”


তেতিয়া যিহোৱাই বিলিয়মৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।”


কিন্তু ঈশ্বৰে শাও নিদিয়া লোকক মই কেনেকৈ শাও দিম? আৰু যিহোৱাই ধিক্কাৰ নিদিয়া লোকক মই কেনেকৈ ধিক্কাৰ দিম?


তেতিয়া বিলিয়মে উঠি গুচি গ’ল। তেওঁ নিজৰ ঘৰলৈ উলটি আহিল আৰু বালাকো নিজৰ বাটে গুচি গ’ল।


কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই বিলিয়মৰ কথা নুশুনিলে; আপোনালোকক প্ৰেম কৰাৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনালোকৰ পক্ষে সেই শাও আশীৰ্ব্বাদত পৰিণত কৰিলে।


যিহোৱাই যেতিয়া দেখিব যে, তেওঁৰ লোকসকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে, তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোকসকলৰ পক্ষ লব, তেওঁৰ দাসবোৰক কৃপা কৰিব।


তেতিয়া তেওঁলোকে পুনৰ চিঞঁৰি কান্দিবলৈ ধৰিলে, আনহাতে অর্পাই শাহুৱেকক চুমা খাই বিদায় ল’লে; কিন্তু ৰূথ তেওঁৰ লগতে থাকিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন