Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 31:34 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

34 কিন্তু ৰাহেলে সেই মূর্তিবোৰ নি উটৰ গাদিৰ ভিতৰত সুমুৱাই থৈছিল আৰু তেওঁ নিজে সেই গাদিৰ ওপৰত বহি আছিল। লাবনে তম্বুৰ সকলো ঠাইতে তন্নতন্নকৈ বিচাৰিলে, কিন্তু তাতো সেইবোৰ নাপালে।

অধ্যায়টো চাওক কপি কৰক




আদি 31:34
8 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যাকোবে উঠি, তেওঁৰ সন্তান আৰু ভার্য্যা দুগৰাকীক উটত উঠালে।


সেই সময়ত লাবনে তেওঁৰ মেৰ-ছাগবোৰৰ নোম কাটিবৰ কাৰণে গৈছিল আৰু সেই সুযোগতে ৰাহেলে তেওঁৰ বাপেকৰ গৃহ-দেৱতাবোৰ চুৰ কৰি নিলে।


তেতিয়া লাবনে এটা এটাকৈ যাকোব, লেয়া আৰু দুজনী দাসীৰ তম্বুত সোমাল, কিন্তু তাত তেওঁ সেইবোৰ নাপালে; তেওঁ লেয়াৰ তম্বুৰ পৰা ওলাই ৰাহেলৰ তম্বুত সোমালগৈ।


ৰাহেলে বাপেকক ক’লে, “মই আপোনাৰ আগত উঠি থিয় হ’ব নোৱাৰাৰ কাৰণে মোৰ প্ৰভু ক্রোধিত নহব। কিয়নো মোৰ মাহেকীয়া হৈছে।” সেয়ে লাবনে বিচাৰিলতো সেই মূর্তিবোৰ নাপালে।


কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব।


আৰু সেই ৰোগী যিকোনো বাহনত উঠিব, সেয়ে অশুচি হ’ব।


তেওঁ উত্তৰ দিলে, “মই সজা মুৰ্ত্তিবোৰ আৰু পুৰোহিতকো তোমালোকে লৈ গৈছা; এতিয়া মোৰ লগত কি আছে? এনে স্থলত মোৰ ‘কি হ’ল বুলি মোক কিয় সুধিছা’?”


কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন