31 তাতে যাকোবে উত্তৰত লাবনক ক’লে, “মোৰ ভয় লাগিছিল; কিয়নো মই ভাবিছিলোঁ যে আপুনি আপোনাৰ ছোৱালীক মোৰ পৰা বলেৰে কাঢ়ি ল’ব আৰু সেইবাবে মই গোপনে পলাই আহিলোঁ।
তেতিয়া অব্ৰাহামে ক’লে, “মই ভাৱিছিলো, এই ঠাইৰ লোকসকলৰ ঈশ্বৰৰ প্রতি নিশ্চয়ে ভয়-ভীতি নাই; সেয়ে মোৰ ভার্য্যাক পাবলৈ তেওঁলোকে মোকেই বধ কৰিব’।
এতিয়া তুমি তোমাৰ পিতৃৰ ঘৰলৈ যাবলৈ ইচ্ছা কৰাৰ কাৰণে তুমি ওলাই গৈছা; কিন্তু মোৰ দেৱ-দেৱীবোৰক কিয় চুৰ কৰি আনিলা?”
কিন্তু আপোনাৰ দেৱ-দেৱীবোৰক যেয়ে চুৰ কৰি আনিছে, সি জীয়াই নেথাকিব; আমাৰ বস্তুবোৰৰ মাজত যদি আপোনাৰ কিবা বস্তু আছে, তেন্তে আমাৰ উভয়ৰ আত্মীয়-স্বজনৰ সন্মুখতে তাক বিচাৰি লওঁক।” কিয়নো সেই দেৱ-দেৱীৰ মূর্তিবোৰ যে ৰাহেলে চুৰ কৰি আনিছিল, তাক যাকোবে জনা নাছিল।
মানুহৰ ভয়েই তেওঁলৈ বিপদ আনে; কিন্তু যিজনে যিহোৱাত ভাৰসা কৰে, সেই জন নিৰাপদে থাকে।