Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 31:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 এইদৰে যাকোবে নিজৰ সকলো বয়-বস্তু লৈ পলাই গ’ল। তেওঁ সোনকালেই নদী পাৰ হৈ গিলিয়দৰ পৰ্ব্বতীয়া অঞ্চলৰ ফালে আগবাঢ়ি গ’ল।

অধ্যায়টো চাওক কপি কৰক




আদি 31:21
18 পৰস্পৰ সংযোগসমূহ  

সেই কালত অৰামৰ ৰজা হজায়েলে গাত নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক অধিকাৰ কৰিলে; তাৰ পাছত তেওঁ যিৰূচালেম আক্রমণ কৰিবলৈ আগবাঢ়িল।


তেওঁবিলাকে এই ফাললৈ মুখ কৰি চিয়োনৰ বিষয়ে সুধিব আৰু ক’ব যে আহা, আমি পাহৰিব নোৱাৰা চিৰকলীয়া এটি নিয়মেৰে যিহোৱাত আসক্ত হওঁ।


পাছত গিলিয়দ-প্ৰবাসীসকলৰ মাজৰ তিচবীয়া এলিয়াই আহাবক ক’লে, “মই যি জনৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, এই কেইবছৰ নিয়ৰ বা বৰষুণ নহ’ব; কেৱল মোৰ বাক্য অনুসাৰে হ’ব।”


গিলিয়দৰ নেতাসকলে এজনে আন জনক ক’লে, “অম্মোনীয়াসকলৰ লগত প্রথমে কোনে যুদ্ধ আৰম্ভ কৰিব? যিজনে কৰিব, তেঁৱেই গিলিয়দ-নিবাসী সকলো লোকৰ ওপৰত নেতা হ’ব।”


সেই সময়ত আমি অধিকাৰ কৰা ঠাই অৰ্ণোনৰ উপত্যকাৰ ওচৰত অৰোয়েৰ নগৰৰ পৰা গিলিয়দৰ পার্বত্য অঞ্চলৰ আধা অংশ আৰু তাৰ নগৰবোৰ মই ৰূবেন আৰু গাদ ফৈদক দিলোঁ।


ৰূবেণৰ সন্তান সকলৰ আৰু গাদৰ সন্তান সকলৰ অতিশয় অধিক পশুৰ জাক আছিল; এই কাৰণে তেওঁলোকে যেতিয়া যাজেৰ আৰু গিলিয়দ দেশখন দেখিলে, তেওঁলোকে তেওঁলোকৰ পশুবোৰৰ কাৰণে সেই ঠাই ভাল দেখিলে।


যেতিয়া বিলিয়ামে দেখিলে যে ইস্ৰায়েলক আশীৰ্ব্বাদ কৰাত ঈশ্বৰ তুষ্ট হৈছে, ইয়াকে দেখি বিলিয়মে আগৰ দৰে লক্ষণ চাবৰ কাৰণে নগ’ল। বৰং, মৰুভূমিৰ ফাললৈহে মুখ কৰিলে।


যাকোবে নিজে যোৱাৰ আগেয়ে যিহূদাক যোচেফৰ ওচৰলৈ পঠাই দিলে, যাতে যোচেফে তেওঁক গোচনলৈ যোৱাৰ পথ দেখুৱাই দিয়ে; আৰু তাৰ পাছত তেওঁলোক গৈ গোচন পালে।


তাৰ পাছত তেওঁলোকে ভোজন কৰিবলৈ বহিল; তেনেতে তেওঁলোকে চকু তুলি চাই দেখিলে যে, গিলিয়দৰ পৰা ইশ্মায়েলীয়া এক ব্যৱসায়ী দল আহি আছে। উটৰ পিঠিত তেওঁলোকে মা-মচলা, বিষ নিৰাময়ৰ সুগন্ধি মলম আৰু গন্ধৰস লৈ মিচৰ দেশলৈ নামি যাবলৈ আহি আছিল।


তেওঁ নিজৰ আত্মীয়স্বজনক লগত লৈ যাকোবৰ পাছে পাছে খেদি গৈ সাত দিনৰ পথ গ’ল আৰু গিলিয়দৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁক লগ পালে।


সেইদিনা যিহোৱাই অব্ৰামে সৈতে এটি এইবুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, “মিচৰৰ নদীৰ পৰা মহানদী ইউফ্রেটিচ পর্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলোঁ।


তৃতীয় নৈখনৰ নাম হিদ্দেকেল। সেই নদী অচুৰ দেশৰ পূবদিশে বৈ গৈছে। চতুৰ্থ নদীখনৰ নাম হৈছে ফৰাৎ।


যাকোবেও তেওঁৰ যোৱাৰ কথা অৰামীয়া লাবনক নজনাই তেওঁৰ প্রতি ছলনা কৰিলে।


পাছত তৃতীয় দিনা লাবনে জানিব পাৰিলে যে যাকোব পলাই গ’ল।


তাৰ পাছত তেওঁলোকে গিলিয়দ আৰু দানযানলৈ গৈ ঘুৰি আহি চীদোনলৈ গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন