17 তেতিয়া যাকোবে উঠি, তেওঁৰ সন্তান আৰু ভার্য্যা দুগৰাকীক উটত উঠালে।
তেতিয়া দায়ূদে তেওঁলোকক আক্ৰমণ কৰিলে; সন্ধিয়াৰ পৰা পাছদিনালৈকে তেওঁলোকৰ লগত যুদ্ধ কৰি তেওঁলোকক হত্যা কৰিলে। তাত চাৰি শ লোক উটত উঠি পলাই গ’ল, তেওঁলোকৰ বাহিৰে সকলো লোক নিহত হ’ল।
তেতিয়া ৰিবেকা আৰু তেওঁৰ দাসীয়ে আহি উটত উঠিল আৰু সেই লোকজনক অনুসৰণ কৰিলে। তাতে সেই দাসে ৰিবেকাক লগত ল’লে আৰু তেওঁৰ পথত যাত্রা কৰিব ধৰিলে।
পাছত সেই দাসে নিজ প্ৰভুৰ উটবোৰৰ মাজৰ দহোটা উট লগত ল’লে; আৰু নিজ প্ৰভুৰ পৰা সকলো ধৰণৰ উত্তম উত্তম বস্তুৰ অলপ লৈ সেই ঠাইৰ পৰা অৰাম-নহৰিয়মৰ নাহোৰ নগৰৰ ওচৰ পালে।
কাৰণ ঈশ্বৰে আমাৰ পিতৃৰ পৰা যি সকলো সম্পত্তি নিলে, সেই সকলোবোৰ এতিয়া নিশ্চয়ে আমাৰ আৰু আমাৰ সন্তান সকলৰ; গতিকে ঈশ্বৰে আপোনাক যি দৰে কৈছে আপুনি এতিয়া সেইদৰেই কৰক।”
তেওঁ পদ্দন-অৰামত উপাৰ্জিত নিজৰ পশুধনবোৰকে আদি কৰি সকলো সম্পত্তি লৈ যাত্রা আৰম্ভ কৰিলে। তেওঁ কনান দেশলৈ নিজৰ পিতৃ ইচহাকৰ ওচৰলৈ ৰাওনা হ’ল।