Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 30:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

32 আজি আপোনাৰ আটাইবোৰ পশুৰ জাকৰ মাজেদি মোক যাবলৈ দিয়ক। সেইবোৰৰ মাজৰ যিবোৰ মেৰ-ছাগৰ গাত ফুটুকা-ফুটুকী আৰু পখৰা-পখৰি দাগ আছে আৰু সকলো ক’লা বৰণৰ মেৰ-ছাগ আছে, মই বেলেগ কৰিম। আকৌ যি ছাগলী ফুটুকা-ফুটুকী আৰু পখৰা-পখৰি দাগ আছে, সেইবোৰকো বেলেগ কৰিম। সেয়ে মোৰ বেচ হব।

অধ্যায়টো চাওক কপি কৰক




আদি 30:32
5 পৰস্পৰ সংযোগসমূহ  

যেতিয়া তেওঁ কৈছিল, ‘ফুটুকা-ফুটুকী পশুবোৰ তোমাৰ বেচ হ’ব’, তেতিয়া জাকৰ সকলো পশুৱেই ফুটুকা-ফুটুকী পোৱালি জগালে; আকৌ, তেওঁ যেতিয়া কৈছিল, আঁচ থকা পশুবোৰ তোমাৰ বেচ হ’ব, তেতিয়া জাকৰ সকলো পশুৱেই আঁচ থকা পোৱালি জগালে।


এবাৰ পশুবোৰ গাভিনী হোৱাৰ সময়ত মই এটা সপোন দেখিছিলোঁ। জাকৰ মাইকী ছাগলীবোৰৰ ওপৰত যিবোৰ মতা ছাগলী উঠিছে, সেই সকলোবোৰ আঁচ থকা, ফুটুকা-ফুটুকী আৰু পখৰা-পখৰী।


পাছত লাবনে সেই দিনাই পখৰা-পখৰি আৰু ফুটুকা-ফুটুকি দাগ থকা মতা ছাগলী আৰু পখৰা-পখৰি ও ফুটুকা-ফুটুকী মাইকী ছাগলীবোৰক অৰ্থাৎ যিবোৰৰ গাত বগা বৰণ আছিল সেইবোৰক আৰু ক’লা বৰণৰ মেৰ-ছাগবোৰক বেলেগ কৰি নিজৰ পুতেকসকলৰ হাতত সেইবোৰ গটাই দিলে।


তেতিয়া লাবনে ক’লে, “মই তোমাক কি বেচ দিম?” যাকোবে ক’লে, “আপুনি মোক একোকে দিব নালাগে। আপুনি যদি মোলৈ এই কাম কৰে, তেন্তে মই পুনৰ আপোনাৰ পশুৰ জাক চৰাম আৰু তাৰ যত্ন লম।


তাতে ভৱিষ্যতে যেতিয়া আপুনি মোৰ বেচ চাবলৈ আহিব, তেতিয়া মোৰ ন্যায় কার্যই আপোনাৰ আগত মোৰ পক্ষে সাক্ষ্য দিব; ফুটুকা-ফুটুকী আৰু পখৰা-পখৰি দাগ নথকা, এনে কোনো ছাগলী আৰু ক’লা বৰণ নোহোৱা, এনে কোনো মেৰ-ছাগ যদি মোৰ ওচৰত পায়, সেয়ে মই চুৰ কৰা বুলি ধৰা হ’ব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন