31 তেতিয়া লাবনে ক’লে, “মই তোমাক কি বেচ দিম?” যাকোবে ক’লে, “আপুনি মোক একোকে দিব নালাগে। আপুনি যদি মোলৈ এই কাম কৰে, তেন্তে মই পুনৰ আপোনাৰ পশুৰ জাক চৰাম আৰু তাৰ যত্ন লম।
মই অহাৰ আগেয়ে আপোনাৰ পশুধন অলপ আছিল; কিন্তু এতিয়া সেইবোৰ বাঢ়ি গৈ প্রচুৰ হ’ল; মই যি যি ঠাইতে কাম কৰিলোঁ তাতেই যিহোৱাই আপোনাক আশীৰ্ব্বাদ কৰিলে। কিন্তু মোৰ নিজৰ পৰিয়ালৰ কাৰণেনো মই কেতিয়া কাম কৰিম?”
আজি আপোনাৰ আটাইবোৰ পশুৰ জাকৰ মাজেদি মোক যাবলৈ দিয়ক। সেইবোৰৰ মাজৰ যিবোৰ মেৰ-ছাগৰ গাত ফুটুকা-ফুটুকী আৰু পখৰা-পখৰি দাগ আছে আৰু সকলো ক’লা বৰণৰ মেৰ-ছাগ আছে, মই বেলেগ কৰিম। আকৌ যি ছাগলী ফুটুকা-ফুটুকী আৰু পখৰা-পখৰি দাগ আছে, সেইবোৰকো বেলেগ কৰিম। সেয়ে মোৰ বেচ হব।
মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল।
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।