11 লেয়াই ক’লে, “ই কেনে সৌভাগ্য!” এইবুলি তেওঁ ল’ৰাটিৰ নাম গাদ ৰাখিলে।
তাতে লেয়াৰ দাসী জিল্পাই যাকোবলৈ এটি পুত্ৰৰ জন্ম দিলে।
তাৰ পাছত লেয়াৰ দাসী জিল্পাই যাকোবলৈ তেওঁৰ দ্বিতীয় পুত্ৰ জন্ম দিলে।
লেয়াৰ দাসী জিল্পাৰ গর্ভত তেওঁৰ পুত্র গাদ আৰু আচেৰ। এইসকলেই হৈছে পদ্দন-অৰামত জন্মা যাকোবৰ পুত্ৰ।
গাদৰ পুত্র চিপুন, হগ্গী, চূনী, ইচবোন, এৰী, আৰোদী আৰু অৰেলী।
গাদ - অশ্বাৰোহীয়ে তেওঁক হ’লে আক্ৰমণ কৰিব; কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব।
কিন্তু যিহোৱাক ত্যাগ কৰা, আৰু মোৰ পবিত্ৰ পৰ্ব্বতক পাহৰা, ভাগ্যদেৱতালৈ মেজ সজোৱা, ভাগ্য নিৰূপণ দেৱীলৈ দ্ৰাক্ষাৰসেৰে পানপাত্ৰ পূৰ কৰা যি তোমালোক,
গাদ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।