Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 3:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 পাছত মানুহে নিজৰ ভার্য্যাৰ নাম হৱা ৰাখিলে; কিয়নো তেওঁ সকলো জীৱিত লোকৰ মাতৃ।

অধ্যায়টো চাওক কপি কৰক




আদি 3:20
14 পৰস্পৰ সংযোগসমূহ  

পুনৰ যিহোৱাৰ দূতে তাইক ক’লে, “চোৱা, তুমি গৰ্ভৱতী। তোমাৰ এটি পুত্ৰ জন্ম হ’ব; তুমি সেই ল’ৰাৰ নাম ইশ্মায়েল ৰাখিবা; কিয়নো যিহোৱাই তোমাৰ দূখৰ কথা শুনিলে।


মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্ত সহকাৰী নাপালে।


তেতিয়া মানুহে ক’লে, “এতিয়া হৈছে; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে।”


ঈশ্বৰ যিহোৱাই আদম আৰু তেওঁৰ ভাৰ্যাৰ কাৰণে ছালৰ বস্ত্ৰ তৈয়াৰ কৰি তেওঁলোকক পিন্ধাই দিলে।


কিন্তু ৰাহেলৰ মৃত্যু হ’ল। প্ৰাণত্যাগ কৰাৰ সময়ত তেওঁ সেই পুত্ৰৰ নাম বিন-ওনী ৰাখিলে; কিন্তু তাৰ বাপেকে হ’লে তাৰ নাম বিন্যামীন ৰাখিলে।


তেওঁ ক’লে, “যিহোৱাই ভূমিক শাও দিয়াৰ কাৰণে আমি যি পৰিশ্রম আৰু হাতেৰে কষ্ট কৰিব লাগে, তাৰ মাজতো আমাক এই ল’ৰায়েই শান্তনা দিব।” এই বুলি কৈ তেওঁ তেওঁৰ নাম নোহ ৰাখিলে।


ল’ৰাটি যেতিয়া ডাঙৰ হ’ল, তেওঁ ল’ৰাটিক ফৰৌণৰ জীয়েকৰ ওচৰলৈ আনিলে; তেতিয়া সেই লৰাটি তেওঁৰ পুত্ৰ হ’ল। তেওঁ লৰাটিৰ নাম মোচি ৰাখি ক’লে, “কিয়নো মই ইয়াক পানীৰ পৰা তুলি আনিলোঁ।”


তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।”


“চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ।


এজন মানুহৰ পৰা ঈশ্বৰে সমগ্র মানৱ জাতি সৃষ্টি কৰিলে যাতে তেওঁলোকে গোটেই পৃথিৱীতে বসবাস কৰিব পাৰে। ঈশ্বৰে, মানুহে বসবাস কৰি থাকিব পৰা ঠাইৰ সীমা আৰু নির্দ্ধাৰিত কাল ঠিক কৰিলে।


কিন্তু মই ভয় কৰোঁ, যেনেকৈ সেই সৰ্পই তাৰ ধূৰ্ত্ততাৰে হাৱাক ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাব আছে, সেই ভাব যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়৷


কিয়নো প্ৰথমে আদমক পাছতহে হাৱাক নিৰ্ম্মাণ কৰা হৈছিল;


পাছত হান্নাই গৰ্ভধাৰণ কৰিলে, আৰু নিৰ্দিষ্ট সময়ত এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ তাক চমূৱেল বুলি মাতিলে, আৰু ক’লে, “কাৰণ মই যিহোৱাৰ পৰা ইয়াক খুজিছিলোঁ৷”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন