Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 3:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 তেওঁ আদমক ক’লে, “যি গছৰ ফল খাবলৈ মই তোমাক নিষেধ কৰিছিলোঁ, তুমি তোমাৰ স্ত্রীৰ কথা শুনি তাক খালা। সেয়ে তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে। তুমি গোটেই জীৱন কালত কষ্টৰে পৰিশ্রম কৰি তাৰ পৰা খাবলৈ পাবা।

অধ্যায়টো চাওক কপি কৰক




আদি 3:17
28 পৰস্পৰ সংযোগসমূহ  

ঈশ্বৰে ক’লে, “তুমি যে বিবস্ত্ৰ, তাক তোমাক কোনে ক’লে? যি গছৰ ফল নাখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ, তাক তুমি খালা নেকি?”


ভূমিয়ে তোমালৈ কাঁইট আৰু কাঁইটীয়া বন উৎপন্ন কৰিব আৰু তুমি পথাৰৰ শস্য ভোজন কৰিবা।


নাৰীগৰাকীয়ে যেতিয়া বুজিলে যে সেই গছৰ ফল খাবলৈ ভাল হব; ই দেখাত লোভনীয় আৰু জ্ঞান লাভ কৰা কথাটোও মনোমোহা; তেতিয়া নাৰীগৰাকীয়ে তাৰ পৰা কেইটামান ফল চিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে; তাতে তেৱোঁ খালে।


তেওঁ ক’লে, “যিহোৱাই ভূমিক শাও দিয়াৰ কাৰণে আমি যি পৰিশ্রম আৰু হাতেৰে কষ্ট কৰিব লাগে, তাৰ মাজতো আমাক এই ল’ৰায়েই শান্তনা দিব।” এই বুলি কৈ তেওঁ তেওঁৰ নাম নোহ ৰাখিলে।


যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলোঁ, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ।


তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ।


দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়? কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে? কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে?


মিছাকৈয়ে তোমালোকে পৰিশ্রম কৰিবলৈ ৰাতিপুৱা সোনকালে উঠা আৰু পলমকৈ শয়ন কৰিবলৈ যোৱা, আৰু পৰিশ্রমৰ আহাৰ ভক্ষণ কৰা; কিয়নো প্রেম কৰাজনক যিহোৱাই নিদ্রা অৱস্থাতো একেৰূপ ফল দিয়ে।


তাৰ পাছত মই মোৰ হাতে যি যি কাৰ্য কৰিলে, আৰু তাক কৰিবলৈ মই যি পৰিশ্ৰম কৰিলোঁ, তাক চাই দেখিলোঁ যে, সেই সকলো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়; সূৰ্যৰ তলত একোতেই লাভ নাই।


এই হেতুকে জীৱনলৈ মোৰ ঘৃণা উপজিল। কাৰণ সূৰ্যৰ তলত যি কৰা হয়, সেই সকলো কাৰ্য মোৰ পক্ষে দুখজনক; কিয়নো সকলোৱেই অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।


তেওঁ অতি পীড়িত হৈ ৰোগ-ব্যাধি আৰু খঙেৰে জীৱন কটায় আৰু গোটেই জীৱনকাল আন্ধাৰত বসবাস কৰে।


‘হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি আহি ইয়াত কেনেকৈ সোমালা’? তেতিয়া তেওঁ অবাক হ’ল;


তেতিয়া যীচুৱে তেওঁলোকক উত্তৰ দি ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, এইবোৰৰ সৰু এটিলৈকো যি নকৰিলা, সেয়া মোলৈহে নকৰিলা’।


ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, ‘হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সোধ-বিচাৰ কৰিম; মই কঠিন মানুহ, যিহকে থোৱা নাই, তাকে তোলোঁ, যিহকে বোৱা নাই, তাকে দাওঁ, ইয়াকে তই জানিছিলি;


এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”


আমি জানো যে বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়৷


কিন্তু সেই মাটিয়ে যদি কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰে, তেনেহলে ই অকামিলা হৈ যায় আৰু সেই মাটি অভিশপ্ত হোৱাৰ ভয় থাকে। তাৰ শেষগতি জ্বলন।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন