Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 27:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 যাকোবে ওচৰলৈ গৈ ইচহাকক চুমা খালে আৰু ইচহাকে তেওঁৰ গাৰ কাপোৰৰ গোন্ধ পাই তেওঁক আশীৰ্ব্বাদ কৰি ক’লে, “চোৱা, মোৰ পুত্ৰৰ গোন্ধ যিহোৱাই আশীৰ্ব্বাদ কৰা এক ক্ষেত্ৰৰ দৰে এই গোন্ধ।

অধ্যায়টো চাওক কপি কৰক




আদি 27:27
14 পৰস্পৰ সংযোগসমূহ  

সেই কালত ইচহাকে সেই দেশত ধান ৰোপণ কৰি, সেই একে বছৰতেই এশ গুণ পালে; আৰু যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিলে আৰু তেওঁ বৰ মানুহ হ’ল;


তাৰ পাছত ৰিবেকাই তেওঁৰ ওচৰত ঘৰতে থকা বৰ পুতেক এচৌৰ আটাইতকৈ উত্তম বস্ত্ৰ লৈ সৰু পুতেক যাকোবক পিন্ধালে।


তাৰ পাছত তেওঁৰ পিতৃ ইচহাকে তেওঁক ক’লে, “বোপা, ওচৰলৈ আহি তুমি মোক চুমা খোৱাহি।”


পাছে তেওঁৰ বাপেক ইচহাকে উত্তৰ দি ক’লে, “চোৱা, যি ঠাইত তুমি বাস কৰিবা সেই ভূমি উর্বৰ নহ’ব; তাত আকাশৰ পৰা নিয়ৰ নপৰিব।


বৃদ্ধ হৈ অহাৰ কাৰণে ইস্ৰায়েলৰ চকু দুৰ্ব্বল হৈ পৰিছিল, সেয়ে তেওঁ ভালদৰে দেখা পোৱা নাছিল। পাছত যোচেফে তেওঁলোকক তেওঁৰ ওচৰলৈ লৈ আহিল, তেতিয়া তেওঁ তেওঁলোকক চুমা খালে, আৰু সাবট মাৰি ধৰিলে।


পাছত তেওঁ যোচেফক আশীৰ্ব্বাদ কৰি ক’লে, “যি ঈশ্বৰৰ সাক্ষাতে মোৰ ওপৰপিতৃ অব্ৰাহাম আৰু ইচহাক চলিছিল, যি ঈশ্বৰে পূৰ্বৰে পৰা আজিলৈকে মোক প্ৰতিপালন কৰি আহিছে,


তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা; তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা; তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা; তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা।


ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে, দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে। হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।


যোচেফৰ বিষয়ে মোচিয়ে ক’লে, “আকাশৰ উত্তম দান আৰু নিয়ৰেৰে সৈতে, তলত ব্যাপি থকা সাগৰেৰে, যিহোৱাই যোচেফৰ দেশক আশীৰ্ব্বাদ কৰক।


বিশ্বাসৰ দ্বাৰাই ইচহাকে ভবিষ্যত বিষয়ৰ কথাত যাকোব আৰু এচৌক আশীৰ্বাদ কৰিলে।


যি মাটিয়ে তাৰ ওপৰত ঘনে ঘনে পৰা বৰষুণ শুহি লয় আৰু সেই মাটি চহাই কাম কৰা সকলৰ কাৰণে সেই মাটিয়ে প্রয়োজনীয় শাক-পাচলি আদি উৎপন্ন কৰে, সেই মাটিয়ে ঈশ্বৰৰ আশীৰ্বাদ পায়।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন