26 তেতিয়া অবীমেলকে অহুজ্জৎ নামেৰে নিজৰ এজন বন্ধুক আৰু তেওঁৰ প্ৰধান সেনাপতি ফীখোলকো লগত লৈ, গৰাৰৰ পৰা ইচহাকৰ ওচৰলৈ গ’ল।
কিন্তু ৰাতি ঈশ্বৰে সপোনত অবীমেলকৰ ওচৰলৈ আহি ক’লে, “চোৱা, যি মহিলাগৰাকীক তুমি লৈ আনিছা, তেওঁৰ কাৰণে তোমাৰ মৃত্যু অনিবার্য। কিয়নো তেওঁ এজন পুৰুষৰ ভাৰ্যা।”
তাতে ইচহাকে তেওঁলোকক ক’লে, “তোমালোকে মোক ঘিণ কৰি তোমালোকৰ ওচৰৰ পৰা খেদি পঠালা; এতিয়া নো তোমালোক মোৰ ওচৰলৈ কেলৈ আহিছা?”