33 যাকোবে ক’লে, “আগেয়ে তুমি মোৰ আগত শপত খোৱা।” তাতে এচৌৱে তেওঁৰ আগত শপত খাই নিজৰ জেষ্ঠাধিকাৰ যাকোবক বেচিলে।
অব্ৰামে চদোমৰ ৰজাক ক’লে, “মই স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকর্তা সৰ্ব্বোপৰি ঈশ্বৰ যিহোৱাৰ নামেৰে হাত দাঙি শপত খাই কৈছোঁ যে,
মই তোমাক স্বর্গ আৰু পৃথিৱীৰ ঈশ্বৰ যিহোৱাৰ নামেৰে শপত দিছো। এই যি কনানীয়া লোকৰ মাজত বাস কৰিছোঁ, তুমি মোৰ পুত্ৰৰ বিয়াৰ বাবে ইহঁতৰ কোনো ছোৱালী নানিবা,
তাতে, এচৌৱে ক’লে, “চোৱা, মোৰ প্রাণ যাওঁ যাওঁ যেন হৈছে, সেয়ে জেষ্ঠাধিকাৰত মোৰ কি লাভ?”
তেতিয়া যাকোবে এচৌক পিঠা আৰু মচুৰ দাইল খাবলৈ দিলে; তাতে তেওঁ খাই উঠি গুচি গ’ল। এইদৰে এচৌৱে নিজৰ জেষ্ঠাধিকাৰ হেয়জ্ঞান কৰিলে।
ইচহাক ক্রমে বৃদ্ধ হ’ল; তাতে চকুৰ দৃষ্টিশক্তি দুৰ্ব্বল হোৱাত তেওঁ চকুৰে মনিব নোৱাৰা হ’ল; এদিন তেওঁ বৰ পুতেক এচৌক মাতি ক’লে, “বোপা।” এচৌৱে উত্তৰ দিলে, “মই ইয়াতে আছোঁ।”
তেতিয়া তেওঁৰ পিতৃ ইচহাকে তেওঁক সুধিলে, “তুমি কোন?” এচৌৱে ক’লে, “মই আপোনাৰ বৰপুত্ৰ এচৌ।”
তেতিয়া এচৌৱে ক’লে, “তাক দিয়া যাকোব নামটো স্বৰূপেই সঠিক হোৱা নাই নে? কিয়নো এইবাৰকে লৈ দুবাৰ সি মোৰ অধিকাৰ ছল কৰি ললে; ডাঙৰ ল’ৰা হিচাবে মোৰ যি জ্যেষ্ঠ অধিকাৰ, তাক সি ল’লে আৰু চাওঁক, এতিয়া মোৰ আশীৰ্ব্বাদো লৈ গ’ল।” এচৌৱে আকৌ ক’লে, “মোৰ কাৰণে আপুনি একো আশীৰ্ব্বাদ ৰখা নাই নে?”
আৰু শপত খাই তাইক ক’লে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷”
বা এসাঁজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে দৃষ্টি ৰাখিবা।
মানুহে নিজতকৈ মহান কোনো ব্যক্তিৰ নামেৰেহে শপত খায়। শপতৰ দ্বাৰা নিজৰ প্রতিজ্ঞা ৰক্ষাৰ নিশ্চয়তা দান কৰিলে তেওঁলোকৰ সকলো বিবাদৰ অৱসান হয়।