Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 24:45 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

45 এই কথা মই মনতে ভাৱি শেষ নকৰোঁতেই, চাওক, ৰিবেকাই কান্ধত কলহ লৈ ওলাই আহিল আৰু পানী নিবৰ বাবে জলৰ ভুমুকৰ ওচৰ পালে। তাতে মই তেওঁক ক’লো, ‘অনুৰোধ কৰোঁ, মোক পানী খাবলৈ দিয়া’।

অধ্যায়টো চাওক কপি কৰক




আদি 24:45
14 পৰস্পৰ সংযোগসমূহ  

তাতে সেই ছোৱালীজনীয়ে যদি মোক কয়, ‘আপুনিও খাওঁক আৰু আপোনাৰ উটবোৰলৈকো পানী তুলি দিম’, তেনেহ’লে সেই ছোৱালীয়েই মোৰ প্ৰভুৰ পুত্ৰলৈ যিহোৱাই নিৰূপণ কৰা কন্যা হওঁক।


কিয়নো হে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, ‘মই তোমাৰ কাৰণে এক বংশ স্থাপন কৰিম’ বুলি তুমিয়েই তোমাৰ দাসৰ আগত প্ৰকাশ কৰিলা৷ এই কাৰণে তোমাৰ আগত এই প্ৰাৰ্থনা কৰিবলৈ তোমাৰ দাসৰ মনত সাহস জন্মিল।


তেতিয়া ৰজাই মোক ক’লে, “মই কি কৰাটো তুমি বিচাৰিছা?” সেয়ে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ।


তেতিয়া তুমি মাতিলে, যিহোৱাই তোমাক উত্তৰ দিব; তুমি সহায়ৰ বাবে কাতৰোক্তি কৰিলে, তেওঁ ক’ব, “এইয়া মই আছোঁ।” যদি তুমি নিজৰ মাজৰ পৰা যুৱলি, দোষাৰোপ কৰা আঙুলি, আৰু অৰ্ধম্মবাক্য দূৰ কৰা,


তেওঁলোকে নামাতোঁতেই মই উত্তৰ দিম, আৰু তেওঁলোকৰ কথা কয় শেষ নকৰোঁতেই মই শুনিম।


হে প্ৰভু, শুনক! হে প্ৰভু, ক্ষমা কৰক! হে প্ৰভু মনোযোগ দিয়ক, আৰু কাৰ্য কৰক! হে মোৰ ঈশ্বৰ, আপোনাৰ অভিপ্রায়ৰ বাবে পলম নকৰিব। আপোনাৰ নগৰ আৰু লোকসকলে আপোনাৰ নামেৰে মাতি আছে।”


যেতিয়া তুমি অনুগ্রহৰ বাবে বিনয় কৰিবলৈ আৰম্ভ কৰিছিলা, তেতিয়াই আজ্ঞা দিয়া হৈছিল, আৰু মই তাক তোমাৰ আগত ক’বলৈ আহিলোঁ, কাৰণ তুমি অতি প্ৰিয়। সেই কাৰণে কথাটো বিবেচনা কৰা, আৰু দৰ্শনৰ কথাবোৰ বুজা।


খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব।


তেতিয়া কৰ্ণীলিয়ই কলে, “আজি চাৰি দিন হ’ল ঠিক এই সময়ত অৰ্থাৎ আবেলি তিনি মান বজাত প্ৰাৰ্থনা কৰি আছিলোঁ; তেতিয়া চাওক, উজ্জ্বল বস্ত্ৰ পিন্ধা এজন মানুহ মোৰ আগত থিয় হ’ল৷


সেই একেদৰে আত্মায়ো আমাৰ দূৰ্বলতাত উপকাৰ কৰে৷ কাৰণ, উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে, সেই বিষয়ে আমি নাজানো; কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন