29 ৰিবেকাৰ লাবন নামেৰে এজন ককায়েক আছিল; তেতিয়া লাবনে বেগাই সেই ভুমুকৰ ওচৰত থকা সেই পুৰুষজনৰ ওচৰলৈ গ’ল।
যাকোবে তেওঁলোকক সুধিলে, “আপোনালোকে নাহোৰৰ পো-নাতি লাবনক চিনি পাইনে?” তেওঁলোকে ক’লে, “হয়, আমি চিনি পাওঁ।”
লাবনে নিজৰ ভনীয়েকৰ ল’ৰা যাকোব অহাৰ খবৰ পাই আগবঢ়াই নিবলৈ দৌৰি আহি তেওঁক সাৱটি ধৰি চুমা খালে আৰু নিজৰ ঘৰলৈ লৈ গ’ল। তেতিয়া যাকোবে লাবনক তেওঁ অহাৰ সকলো কথা জনালে।
তেতিয়া তেওঁৰ ককায়েক আৰু মাকে ক’লে, “আমাৰ লগত পুনৰ কিছু দিনলৈ কন্যাজনী থাকক; অতি কমেও দহ দিন মান থাকক। তাৰ পাছত তেওঁ যাব।”
তেওঁলোকে ৰিবেকাক আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “হে আমাৰ ভনী, তুমি অযুত অযুত লোকৰ আদি-মাতৃ হোৱাগৈ, আৰু তোমাৰ বংশই তোমাক ঘৃণা কৰা লোকসকলৰ নগৰৰ দুৱাৰবোৰ অধিকাৰ কৰক।”
তেওঁ যেতিয়া ভনীয়েকৰ হাতত খাৰু আৰু নথ দেখিলে আৰু নিজৰ ভনী ৰিবেকাৰ মুখেৰে যেতিয়া “তেওঁ এই কথা ক’লে,” বুলি শুনিলে, তেতিয়া তেওঁ সেই পুৰুষজনৰ ওচৰলৈ গ’ল। সেই পুৰুষজন তেতিয়া উটবোৰৰ সৈতে পানীৰ ভুমুকটোৰ ওচৰত থিয় হৈ আছিল।
ইচহাকে চল্লিশ বছৰ বয়সত ৰিবেকাক পত্নীৰূপে গ্রহণ কৰে। ৰিবেকা আছিল পদ্দন-অৰাম দেশৰ অৰামীয়া বথোৱেলৰ জীয়েক আৰু অৰামীয়া লাবনৰ ভনীয়েক।
সেইবাবে বোপা, তুমি মোৰ কথা শুনা। এতিয়া তুমি হাৰণত থকা মোৰ ককাই লাবনৰ ওচৰলৈকে পলাই যোৱা।
তুমি উঠি পদ্দন-অৰাম দেশত তোমাৰ মাতৃৰ পিতৃগৃহ বথোৱেলৰ ঘৰলৈ যোৱা। তাৰ পৰা তোমাৰ মোমায়েৰা লাবনৰ জীয়েকহঁতৰ মাজৰ কোনো এজনীক বিয়া কৰি আনাগৈ।