Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 23:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 কনান দেশৰ কিৰিয়ৎ-অর্ব্ব নগৰত অর্থাৎ হিব্ৰোণত তেওঁৰ মৃত্যু হ’ল; তাতে অব্ৰাহামে চাৰাৰ কাৰণে কান্দি কান্দি শোক কৰিলে।

অধ্যায়টো চাওক কপি কৰক




আদি 23:2
36 পৰস্পৰ সংযোগসমূহ  

তেতিয়া অব্ৰামে তেওঁৰ তম্বু তুলি ল’লে আৰু হিব্ৰোণ এলেকালৈ আহি মম্ৰিৰ ওক গছবোৰৰ ওচৰত নিবাস কৰিলে। সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে।


চাৰা এশ সাতাইশ বছৰ কাল জীয়াই আছিল। এয়ে আছিল চাৰাৰ জীৱনৰ আয়ুসৰ কাল।


পাছে অব্ৰাহামে কনান দেশৰ মম্ৰিৰ অৰ্থাৎ হিব্ৰোণৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ গুহাত তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিলে।


তেতিয়া ইচহাকে নিজ মাতৃ চাৰাৰ তম্বুলৈ ৰিবেকাক লৈ গ’ল আৰু ইচহাকে তেওঁক গ্ৰহণ কৰিলে, তাতে ৰিবেকা তেওঁৰ ভাৰ্যা হ’ল। আৰু ইচহাকে তেওঁক প্ৰেম কৰিলে; তাতে তেওঁৰ মাতৃৰ মৰণৰ পাছত, তেওঁ শান্ত্বনা পালে।


পাছত যাকোবে তেওঁৰ পিতৃৰ পৰা আশীৰ্ব্বাদ লাভ কৰাৰ কাৰণে এচৌৱে তেওঁক ঘিণ কৰিবলৈ ধৰিলে। তেওঁ নিজ মনতে ক’লে, “মোৰ পিতৃৰ বাবে শোকৰ দিন ওচৰ চাপি আহিছে; তাৰ পাছতে মই মোৰ ভাই যাকোবক বধ কৰিম।”


শেষত যাকোব কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণৰ ওচৰৰ মম্ৰি নগৰত তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ আহিল। এই ঠাইতে অব্ৰাহাম আৰু ইচহাকে বাস কৰিছিল।


তেতিয়া বাপেকে তেওঁক ক’লে, “তুমি গৈ তোমাৰ ককায়েৰাহঁত আৰু পশুৰ জাকবোৰ কুশলে আছে নে নাই, সেই সংবাদ লৈ আহি মোক দিবা।” ইয়াকে কৈ যাকোবে যোচেফক হিব্ৰোণ উপত্যকাৰ পৰা পঠালে আৰু যোচেফও চিখিমলৈ গ’ল।


তেতিয়া যোচেফে তেওঁৰ বাপেকৰ মুখৰ ওপৰত মুখ দি পৰিল, আৰু কান্দি কান্দি তেওঁক চুমা খালে।


পাছত তেওঁলোকে গৈ যৰ্দ্দনৰ সিপাৰে থকা আটদৰ মৰণা মৰা ঠাই পালে, সেই ঠাইতে তেওঁলোকে অতি দাৰুণ মহা-বিলাপেৰে বিলাপ কৰিলে।


চৌল, তেওঁৰ পুত্ৰ যোনাথন আৰু যিহোৱাৰ প্ৰজা ইস্ৰায়েল বংশ তৰোৱালত পতিত হোৱাৰ বাবে তেওঁলোকে শোক কৰি কৰি কান্দিলে আৰু সন্ধ্যালৈকে লঘোনে থাকিল।


তেতিয়া দায়ূদে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন, এই মৃতকেইজনৰ বিষয়ে বিলাপেৰে গীত গালে।


দায়ূদে হিব্ৰোণত যিহূদা-বংশৰ ওপৰত সাত বছৰ ছমাহ ৰাজত্ব কৰিলে।


এইদৰে ইস্ৰায়েলৰ আটাই বৃদ্ধলোক হিব্ৰোণত থকা ৰজাৰ ওচৰলৈ আহিল আৰু দায়ুদ ৰজাই হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে৷ আৰু তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা পাতি অভিষেক কৰিলে।


তেওঁ হিব্ৰোণত যিহূদাৰ ওপৰত সাত বছৰ ছমাহ ৰাজত্ব কৰিলে আৰু যিৰূচালেমত গোটেই ইস্ৰায়েলৰ আৰু যিহূদাৰ ওপৰত তেত্ৰিশ বছৰ ৰাজত্ব কৰিলে।


হাৰোণৰ বংশধৰসকলক হিব্ৰোণ দিয়া হৈছিল- যিখন এখন আশ্ৰয়-নগৰ আছিল, চৰণীয়া ঠায়ে সৈতে লিব্‌না, যত্তীৰ, আৰু ইষ্টমোৱা,


আৰু যিৰিমিয়াই যোচিয়াৰ বাবে বিলাপ কৰিলে; তাতে সকলো গায়ক আৰু গায়িকাই নিজ নিজ বিলাপত যোচিয়াৰ বিষয়ে গান কৰে, আজিলৈকে সেই গান চলি আছে৷ তেওঁলোকে তাকে ইস্ৰায়েলত দৈনন্দিন পালন কৰিবলগীয়া এক নিয়ম কৰিলে; আৰু চোৱা, সেয়ে বিলাপ-পুস্তকখনত লিখা আছে।


তেওঁলোকৰ গাওঁ আৰু পথাৰবোৰৰ কাৰণে যিহূদাৰ লোকসকলৰ মাজৰ কিছুমান লোক কিৰিয়ৎ-অর্ব্ব আৰু ইয়াৰ গাওঁবোৰত, দীবোন আৰু ইয়াৰ গাওঁবোৰত, যিকবূচেল আৰু ইয়াৰ গাওঁবোৰত, বাস কৰিছিল।


তোমালোকে মৃত জনৰ বাবে নাকান্দিবা, আৰু সেইজনৰ বাবে বিলাপ নকৰিবা; কিন্তু দূৰলৈ যোৱা মানুহজনৰ নিমিত্তে বৰকৈ ক্ৰন্দন কৰা, কিয়নো তেওঁ আৰু উলটি নাহিব, বা নিজৰ জন্ম দেশ আৰু নেদেখিব’”।”


এই হেতুকে যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: “হায় হায় মোৰ ভাই! বা হায় হায় মোৰ ভগ্নী!” এই বুলি লোকে তেওঁৰ বিষয়ে বিলাপ নকৰিব; আৰু হায় হায় মোৰ প্ৰভু, বা “হায় হায় তেওঁৰ গৌৰৱ, এনে বুলি বিলাপ নকৰিব!”


তেওঁলোক দক্ষিণ অঞ্চলেদি গৈ, হিব্ৰোণলৈকে উঠিল, সেই ঠাইতে অহিমন, চেচয় আৰু তল্ময়, এই তিনিজন অনাক’ৰ সন্তান আছিল। মিচৰ দেশত থকা চোৱন নগৰ স্থাপন কৰাৰ সাত বছৰৰ আগেয়ে হিব্ৰোণ স্থাপন কৰা হ’ল।


যেতিয়া গোটেই সমাজে হাৰোণৰ মৃত্যু হোৱা দেখিলে, তেতিয়া ইস্ৰায়েলৰ গোটেই বংশই হাৰোণৰ কাৰণে ত্ৰিশ দিনলৈকে ক্ৰন্দন কৰিলে।


যি ইহুদী সকল মৰিয়মৰ সৈতে ঘৰত আছিল আৰু তেওঁক সান্ত্বনা দি আছিল, তেওঁলোকে মৰিয়মক বেগাই উঠি বাহিৰলৈ যোৱা দেখি, তেওঁৰ পাছে পাছে আহিল। তেওঁলোকে ভাৱিলে যে মৰিয়মে মৈদামৰ ওচৰত কান্দিবলৈ গৈছে।


যীচুৱে ক্ৰন্দন কৰিলে।


ভক্ত লোক সকলে স্তিফানক মৈদাম দিলে আৰু তেওঁৰ কাৰণে বৰকৈ ক্রন্দন কৰিলে।


ইস্ৰায়েলৰ সন্তান সকলে মোৱাব সমথলত ত্ৰিশ দিন পর্যন্ত মোচিৰ কাৰণে ক্ৰন্দন কৰিলে; তাৰ পাছত মোচিৰ কাৰণে তেওঁলোকৰ শোক প্রকাশৰ দিন শেষ হ’ল।


তেওঁ সেই ঠাই আৰু সেই ঠাইৰ ৰজাক আৰু তাৰ সৰু সৰু নগৰবোৰ দখল কৰি ল’লে৷ তেওঁলোকে তেওঁলোকক আৰু তাত থকা সকলো জীৱন্ত প্ৰাণীক সম্পূর্ণৰূপে তৰোৱালেৰে সংহাৰ কৰিলে৷ যিহোচূৱাই কোনো এটা প্ৰাণীকে সেই ঠাইত অৱশিষ্ট নাৰাখিলে, যেনেকৈ হিব্ৰোণলৈ আৰু লিব্‌না ও তাৰ ৰজালৈ কৰিছিল, তেনেকৈ ইয়ালৈকো তেওঁ কৰিলে।


পাছত যিহোচূৱালৈ কৰা যিহোৱাৰ আজ্ঞা অনুসাৰে, তেওঁ যিহূদাৰ সন্তান সকলৰ মাজত যিফুন্নিৰ পুত্ৰ কালেবক, নিজ অংশৰ অৰ্থে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে৷ সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল৷


হুম্‌টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷


গতিকে ইস্রায়েলীয়া সকলে গালীলৰ পৰ্বতীয়া অঞ্চলত থকা নপ্তালীৰ কেদচ, ইফ্ৰয়িম পৰ্ব্বতত থকা চিখিম আৰু যিহূদা পৰ্ব্বতত থকা কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ নিৰ্বাচন কৰি ল’লে।


ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত থকা চাৰিওফালৰ চৰণীয়া ঠায়েৰে সৈতে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে; সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল।


তেওঁলোকে হিব্ৰোণৰ বাসিন্দা কনানীয়াসকলৰ বিৰুদ্ধে আগুৱাই গৈ চেচয়, অহিমন আৰু তল্ময়ক পৰাস্ত কৰিলে। হিব্ৰোণৰ আগৰ নাম আছিল কিৰিয়ৎ-অর্ব্ব।


কিন্তু যিচয়ৰ পুতেক যেতিয়ালৈকে পৃথিবীত জীয়াই থাকিব, তেতিয়ালৈকে তই থিৰে থাকিব নোৱাৰিবি, আৰু তোৰ ৰজাও থিৰে নাথাকিব; এই হেতুকে এতিয়া মানুহ পঠাই তাক মোৰ আগলৈ আন; কিয়নো সি মৰিবই লাগিব”;


চমূৱেলৰ মৃত্যু হ’ল। ইস্ৰায়েলৰ সকলো লোক গোট খাই তেওঁৰ বাবে বিলাপ কৰিলে, আৰু ৰামাত থকা তেওঁৰ ঘৰতে তেওঁক মৈদাম দিলে। তাৰ পাছত দায়ূদে তাৰ পৰা মৰুপ্ৰান্তত থকা পাৰণলৈ গ’ল।


চমূৱেলৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুত ইস্রায়েলীসকলে গভীৰ শোক প্ৰকাশ কৰিলে। পাছত তেওঁলোকে তেওঁক নিজ নগৰ ৰামাত মৈদাম দিলে। পাছত ভূত পোহা আৰু গুণমন্ত্ৰ জনা লোকসকলক চৌলে দেশৰ পৰা আতৰ কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন