Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 20:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 কিয়নো যিহোৱাই অব্ৰাহামৰ ভাৰ্যা চাৰাৰ কাৰণে অবীমেলকৰ ঘৰত থকা সকলো মহিলাৰ সন্তান ধাৰণৰ ক্ষমতা সম্পূর্ণভাৱে বন্ধ কৰিছিল।

অধ্যায়টো চাওক কপি কৰক




আদি 20:18
6 পৰস্পৰ সংযোগসমূহ  

কিন্তু অব্ৰামৰ ভাৰ্যা চাৰীৰ কাৰণে যিহোৱাই ফৰৌণ আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকৰ মাজত ভয়ঙ্কৰ মহামাৰী ঘটালে।


তেতিয়া ৰাহেললৈ যাকোবৰ অতিশয় খং উঠিল। তেওঁ ক’লে, “যিজনে তোমাক গৰ্ভফল নিদিয়াকৈ ৰাখিছে, মই সেই ঈশ্বৰ নেকি?”


সেয়ে, তেওঁলোকে যিহোৱাৰ চন্দুক ইক্ৰোণলৈ পঠালে। কিন্তু যিহোৱাৰ চন্দুক ইক্ৰোণলৈ অহাৰ পাছত, ইক্ৰোণীয়া সকলে চিঞৰি ক’লে, “আমাৰ মানুহবোৰক বধ কৰিবৰ বাবে তেওঁলোকে আমাৰ ওচৰলৈ ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আনিলে।”


যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰখা বাবে, সতিনীয়েকে তেওঁৰ মনত অসন্তোষ জন্মাবলৈ নানা কথাৰে তেওঁক বিৰক্ত কৰিছিল।


গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া ওভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।”


এদিন চাৰীয়ে অব্ৰামক ক’লে, “চোৱা, যিহোৱাই মোক নিঃসন্তান কৰি ৰাখিছে। সেই কাৰণে আপুনি মোৰ দাসীৰ শয্যাৰ সংগী হওঁক, কিজানি মই তাইৰ পৰা সন্তান লাভ কৰিম।” তেতিয়া অব্ৰাম চাৰীৰ কথাত মান্তি হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন