Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 20:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 ঈশ্বৰে যেতিয়া মোক মোৰ পিতৃৰ ঘৰ ত্যাগ কৰিবলৈ দিলে আৰু মোক এঠাইৰ পৰা আন ঠাইলৈ ভ্রমণ কৰাই লৈ ফুৰালে, তেতিয়া মই মোৰ ভার্য্যাক কৈছিলোঁ, ‘মোৰ ভার্য্যা হিচাবে তুমি মোলৈ এই বিশ্বস্ততা প্রকাশ কৰিবা: আমি যি ঠাইলৈকে যাম, তুমি মোক তোমাৰ ককাই বুলি পৰিচয় দিবা’।”

অধ্যায়টো চাওক কপি কৰক




আদি 20:13
10 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই অব্ৰামক ক’লে, “তুমি তোমাৰ নিজৰ দেশ, তোমাৰ আত্মীয়-স্বজন আৰু তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা।


তাৰ পাছত অব্ৰামে পুনৰ যাত্রা আৰম্ভ কৰিলে আৰু তেওঁ নেগেভৰ ফালে অগ্রসৰ হ’ল।


তাৰ বাহিৰেও বাস্তৱিকত তেওঁ মোৰ ভনীও হয়; আমাৰ মাতৃ বেলেগ হ’লেও তেওঁৰ আৰু মোৰ পিতৃ একে। এতেকে তেওঁ মোৰ ভার্য্যা হ’ল।


সেই লোকজনে জানো নিজেই মোক কোৱা নাছিল ‘তাই মোৰ ভনী’ বুলি? এনেকি সেই মহিলাগৰাকীয়েও কৈছিল, ‘তেওঁ মোৰ ককাই’ বুলি। মই মোৰ সৰল মনেৰে আৰু নির্দোষী হাতেৰেহে এই কাম কৰিলোঁ।”


সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে; গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে; সিহঁতে কয়, “এই আমাক কোনে দেখিব?”


তেতিয়া পিতৰে চাফীৰাক কলে, “প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোকে কেনেকৈ একমত হলা? চোৱা, যি সকলে তোমাৰ স্বামীক মৈদাম দিব গৈছিল; তেওঁলোক আহি দুৱাৰৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব।”


ঈশ্বৰত বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া অব্ৰাহামক আহ্বান কৰিলে, তেতিয়া তেওঁ বাধ্য হ’ল, আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল, সেই দেশ অধিকাৰ কৰিবৰ বাবে তেওঁ গৈছিল; আৰু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল।


চৌলে ক’লে, “তোমালোক যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত হোৱা। কাৰণ তোমালোকে মোলৈ অনুগ্ৰহ কৰিলা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন