3 ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে; কিয়নো সেইদিনা ঈশ্বৰে নিজৰ সকলো সৃষ্টি কাৰ্যৰ পৰা বিশ্ৰাম ল’লে।
পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল।
ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনত সোমাল আৰু সেইদিনা সকলো কাৰ্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে।
এয়াই হৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টিৰ ইতিহাস। ঈশ্বৰ যিহোৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্ম্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই।
আপোনাৰ পবিত্ৰ বিশ্ৰাম-বাৰ তেওঁলোকক জনালে, আৰু আপোনাৰ দাস মোচিৰ দ্বাৰাই তেওঁলোকক আজ্ঞা, বিধি, আৰু নিয়ম প্রণালীবোৰ দিলে।
তোমালোকে ছয় দিন নিজৰ কাম কৰিবা, কিন্তু সপ্তম দিনা বিশ্রাম কৰিবা। এইদৰে কৰিবা; যাতে তোমালোকৰ গৰু, গাধ, তোমালোকৰ দাসীৰ পুত্র আৰু যিকোনো বিদেশী লোকে বিশ্রাম ল’ব পাৰিব আৰু সতেজতা লাভ কৰিব।
তোমালোকে ছয় দিন পৰিশ্ৰম কৰিবা, কিন্তু সপ্তম দিনা বিশ্ৰাম কৰিবা। শস্য ৰোৱা আৰু শস্য দোৱা সময়ত অৱশ্যে বিশ্ৰাম কৰিবা।
যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।
ইয়াৰ বাহিৰে, মই যে তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা, ইয়াক তেওঁলোকে জানিবৰ বাবে মোৰ আৰু তেওঁলোকৰ মাজত এটি চিন হ’বলৈ মোৰ বিশ্ৰাম দিনবোৰ তেওঁলোকক দিলোঁ।
ছদিনৰ কাম কৰা যাব; কিন্তু সপ্তমদিন বিশ্ৰাম-দিন, অৰ্থাৎ সম্পূৰ্ণ বিশ্ৰামৰ, সেই দিনা পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা; সেয়ে তোমালোক থকা সকলো ঠাইতে যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন হ’ব।
যীচুৱে তেওঁলোকক পুনৰ কলে, “বিশ্ৰামবাৰ মানুহৰ কাৰণে হল; কিন্তু মানুহ বিশ্রামবাৰৰ কাৰণে নহ’ল;
পাছত উলটি আহি, সুগন্ধি দ্ৰব্য আৰু তেল যুগুত কৰিলে। পাছত তেওঁলোকে বিধানৰ দৰে বিশ্ৰামবাৰে জিৰণি ল’লে।