17 কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।”
সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে।
গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া ওভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।”
ঈশ্বৰে ক’লে, “তুমি যে বিবস্ত্ৰ, তাক তোমাক কোনে ক’লে? যি গছৰ ফল নাখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ, তাক তুমি খালা নেকি?”
তেওঁ আদমক ক’লে, “যি গছৰ ফল খাবলৈ মই তোমাক নিষেধ কৰিছিলোঁ, তুমি তোমাৰ স্ত্রীৰ কথা শুনি তাক খালা। সেয়ে তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে। তুমি গোটেই জীৱন কালত কষ্টৰে পৰিশ্রম কৰি তাৰ পৰা খাবলৈ পাবা।
মাটিলৈ উলটি নোযোৱা পর্যন্ত মূৰৰ ঘাম পেলাই তুমি আহাৰ কৰিব লাগিব; কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; তুমি ধুলি মাথোন আৰু পুনৰায় ধুলিলৈকে উলটি যাবা।”
কিয়নো তুমি যিদিনা বাহিৰ হৈ কিদ্ৰোণ জুৰি পাৰ হ’বা, সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব, সেই বিষয়ে জানিবা; তেতিয়া তোমাৰ ৰক্তপাতৰ দোষ তোমাৰেই মূৰত থাকিব।”
তেতিয়া ৰজাই মানুহ পঠিয়াই চিমিয়ীক মতাই আনিলে, আৰু তেওঁক ক’লে, “যি দিনা তুমি বাহিৰ ওলাই কোনো ফালে যাবা, সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব, এইদৰে জানো যিহোৱাৰ নামেৰে তোমাক শপত দিয়া হোৱা নাই? আৰু এই বিষয় নিশ্চিতভাৱে জানো তোমাক কোৱা হোৱা নাই? তেতিয়া তুমিও কৈছিলা, ‘মই যি শুনিলোঁ, সেয়ে উত্তম’।
আৰু যিৰিমিয়াই সকলো লোকৰ আগত, যিহোৱাই আজ্ঞা কৰা সকলো কথা কৈ এটোৱাৰ পাছত, পুৰোহিত, ভাববাদী আৰু আটাই প্ৰজাসকলে তেওঁক ধৰি ক’লে, “তুমি নিশ্চয়ে মৰিবা!
সি যদি সুতলৈ ধাৰ দিয়ে বা অনুচিত লাভ লয়, তেনেহ’লে সি জীয়াই থাকিব নে? সি জীয়াই নাথাকিব! সি এই আটাইবোৰ ঘিণলগীয়া কাৰ্য কৰিলে; তাৰ অৱশ্যে মৃত্যু হ’ব আৰু তাৰ ৰক্তপাতৰ দোষ তাৰ ওপৰত থাকিব।
কিয়নো যি জন লোকৰ মৃত্যু হয়, তেওঁৰ মৃত্যুত মই সন্তোষ নকৰোঁ” - এই কথা প্ৰভু যিহোৱাই ঘোষণা কৰিছে। “এই হেতুকে তোমালোক মনপালটন কৰি জীয়াই থাকা!”
চোৱা! আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব!
পুনৰায় যেতিয়া মই দুষ্টক কওঁ, “তুমি অৱশ্যে মৰিবা!” তেতিয়া যদি তেওঁ নিজ পাপৰ পৰা ঘূৰি ন্যায় আৰু উচিত কাৰ্য কৰে-
যদি মই এজন দুষ্ট লোকক কওঁ, ‘হে দুষ্ট, তুমি নিশ্চয়ে মৰিবা!’ কিন্তু যদি তুমি সেই দুষ্টজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ সতৰ্ক কৰিবলৈ একো নোকোৱা, তেতিয়া সেই দুষ্ট লোকজনে নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম!
কাৰণ যিহোৱাই তেওঁলোকৰ বিষয়ে কৈছিল যে তেওঁলোকে নিশ্চয়ে মৰুপ্রান্তত মৰিব। এই হেতুকে তেওঁলোকৰ মাজত যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাৰ বাহিৰে এজনো অৱশিষ্ট নাথাকিল।
আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে।
মৃত্যুৰ কাৰণে পাপ নাইবা ধাৰ্মিকতাৰ কাৰণে আজ্ঞা পালন, এই উভয়ৰ মাজত যাৰ ওচৰত আপোনালোকে নিজক আজ্ঞা পালনৰ অৰ্থে দাস স্বৰূপে সমৰ্পণ কৰে, সেইটোৰ আজ্ঞা পালন কৰি যে তাৰ দাস হয়, ইয়াক আপোনালোকে নাজানে নে?
কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন।
কিয়নো খ্ৰীষ্ট যীচুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে।
কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোৱে জীৱন পাব।
মৃত্যুৰ হুল পাপ আৰু পাপৰ শক্তি বিধান৷
কিয়নো যিমান মানুহে বিধান-শাস্ত্ৰৰ কৰ্মৰ ওপৰত নির্ভৰ কৰে, সেই সকলোৱেই শাপগ্ৰস্ত; কিয়নো শাস্ত্রত লিখা আছে, “বিধানত যি সকলো লিখা আছে, তাৰ সকলো কথা যি জনে পালন নকৰে, তেওঁ শাপগ্রস্ত।”
কিয়নো পোহৰতে সকলো স্পষ্ট হৈ পৰে। সেই বাবে কোৱা হৈছে: “হে টোপনিওৱা জন সাৰ পোৱা আৰু মৃত লোক সকলৰ মাজৰ পৰা উঠা; তাতে আপোনালোকৰ ওপৰত খ্ৰীষ্টই পোহৰ দিব।”
যি কোনোৱে এই নিয়মৰ কথাবোৰ পালন কৰিবলৈ অস্বীকাৰ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
শুনক, মই আজি আপোনালোকৰ আগত জীৱন আৰু মৃত্যু, মঙ্গল আৰু অমঙ্গল ৰাখিছোঁ।
মই আপোনালোকৰ বিৰুদ্ধে আকাশ-মণ্ডল আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ যে, আজি মই আপোনালোকৰ সন্মুখত জীৱন আৰু মৃত্যু, আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ; সেয়ে, আপোনালোক আৰু আপোনালোকৰ ভাবীবংশ যেন জীয়াই থাকিব পাৰে আপোনালোকে জীৱনক মনোনীত কৰক।
আৰু আপোনালোকে যেতিয়া অপৰাধত আৰু মাংসৰ অচুন্নতত মৃত আছিল, তেতিয়া ঈশ্বৰে তেওঁৰ সৈতে আপোনালোকক জীয়ালে আৰু বাস্তৱিক তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে৷
কিন্তু যি গৰাকী ইন্দ্ৰিয় সুখত মগ্ন থাকে, তেওঁ জীয়াই থাকিও মৰা।
তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ’লে, তাৰ ফলাফল হয় মৃত্যু৷
কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে, তেনেহলে তেওঁ প্ৰার্থনা কৰক আৰু ইয়াৰ যোগেদি ঈশ্বৰে মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই; তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ।
যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁৰ দ্বিতীয় মৃত্যুৰ দ্বাৰা হানি নহব”।
পাছত মৃত্যু আৰু পৰলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল। সেয়েই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু;
যি জনে এই প্ৰথম উত্থানৰ ভাগী হয়, তেওঁ ধন্য আৰু পবিত্ৰ লোক৷ তেওঁলোকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই; তেওঁলোক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেৱেঁ সৈতে এহেজাৰ বছৰ ৰাজত্ব কৰিব।
কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভীচাৰি, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।”
ইস্ৰায়েলৰ নতুন প্রজন্মৰ যিসকল সন্তানে আগৰ যুদ্ধবোৰৰ কথা নাজানিছিল, সেই ইস্রয়েলবাসীক যুদ্ধৰ বিষয়ে শিক্ষা দিবলৈ যিহোৱাই এনে কৰিলে।
কিয়নো ইস্ৰায়েলৰ উদ্ধাৰকৰ্তা যিহোৱাৰ জীৱনৰ শপত, যদি মোৰ পুত্ৰ যোনাথনৰ দোষত এয়া হৈছে, তেনেহলে সিও নিশ্চয়কৈ মৰিব।” কিন্তু লোকসকলৰ মাজত কোনেও তেওঁক উত্তৰ নিদিলে।
পাছত চৌলে ক’লে, “যদি তুমি নমৰা, তেনেহলে ঈশ্বৰে মোলৈকে অধিক কৰক, কাৰণ হে যোনাথন তুমি অৱশ্যে মৰিব লাগিব।”
কিন্তু যিচয়ৰ পুতেক যেতিয়ালৈকে পৃথিবীত জীয়াই থাকিব, তেতিয়ালৈকে তই থিৰে থাকিব নোৱাৰিবি, আৰু তোৰ ৰজাও থিৰে নাথাকিব; এই হেতুকে এতিয়া মানুহ পঠাই তাক মোৰ আগলৈ আন; কিয়নো সি মৰিবই লাগিব”;
ৰজাই উত্তৰ দি ক’লে, “অহীমেলক, তুমি আৰু তোমাৰ পিতৃ-বংশ সকলোৰে নিশ্চয় মৃত্যু হ’ব।”