36 এইদৰে লোটৰ দুয়ো জনী জীয়েক নিজ বাপেকৰ দ্বাৰা গৰ্ভৱতী হ’ল।
এইদৰে সেইদিনা ৰাতিও তেওঁলোকে নিজৰ বাপেকক দ্ৰাক্ষাৰস পান কৰালে আৰু সৰু জীয়েকে গৈ বাপেকৰ লগত শয়ন কৰিলে; কিন্তু কেতিয়া যে তেওঁৰ ওচৰত শুলে আৰু কেতিয়ানো উঠি গ’ল, তাক লোটে গম নাপালে।
পাছত ডাঙৰজনীৰ এটি পুত্ৰ হ’ল আৰু তেওঁ তাৰ নাম মোৱাব ৰাখিলে; এই মোৱাবেই বর্তমানৰ মোৱাবীয়াহঁতৰ আদিপিতৃ।
চাওঁক, মোৰ দুজনী ছোৱালী আছে; কোনো পুৰুষৰ সৈতে সিহঁতৰ সংস্পৰ্শ হোৱা নাই; সিহঁতকে মই আপোনালোকৰ ওচৰলৈ উলিয়াই আনো; সিহঁতৰ লগত আপোনালোকে যি ভাল দেখে কৰক; কেৱল এই লোকসকলক একো নকৰিব; কিয়নো তেওঁলোকে এতিয়া মোৰ ঘৰৰ ছাঁত আশ্ৰয় লৈছে।”
যিজনে নিজৰ চুবুৰীয়াক সুৰা পান কৰায়, আৰু যেতিয়ালৈকে মতলীয়া নহয়, তুমি বিষ দি তেওঁক সুৰা পান কৰায় থাকা, যাতে তুমি তেওঁৰ বিবস্ত্রতা দেখা পোৱা!’
কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধ-বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
তাৰ পাছত যিহোৱাই মোক কৈছিল, “তোমালোকে মোৱাবীয়াসকলক বিৰক্ত নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা। তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, তেওঁলোক লোটৰ বংশধৰ আৰু মই তেওঁলোকক অধিকাৰৰ অৰ্থে আৰ নগৰ দিলোঁ।”
তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলোঁ। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলোঁ, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।
চমূৱেলে উত্তৰ দি ক’লে, “যিদৰে তোমাৰ তৰোৱালে অনেক মহিলাক সন্তানহীনা কৰিলে, সেইদৰে মহিলাসকলৰ মাজত তোমাৰ মাতৃও সন্তানহীনা হ’ব।” এইদৰে কৈ, চমূৱেলে গিলগলত যিহোৱাৰ সন্মুখত অগাগক ডোখৰ ডোখৰ কৰি কাটিলে।