Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 19:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 পাছত লোটৰ চোৱৰত থাকিবলৈ সাহস নহ’ল আৰু সেয়ে তেওঁ জীয়েক দুজনীক লগত লৈ চোৱৰৰ পৰা ওলাই পাহাৰত বাস কৰিবলৈ উঠি গ’ল; তাত তেওঁ জীয়েক দুজনীৰে সৈতে এটা গুহাত বাস কৰিলে।

অধ্যায়টো চাওক কপি কৰক




আদি 19:30
10 পৰস্পৰ সংযোগসমূহ  

তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে যৰ্দ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্রচুৰ পানী আছে; সেই ঠাইখিনি যিহোৱাৰ বাগিছাৰ নিচিনা আৰু মিচৰ দেশৰ নিচিনা; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰাৰ পূৰ্বতে এই সমতল ভূমি তেনেকুৱা আছিল।


অব্ৰামে চদোমৰ ৰজাক ক’লে, “মই স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকর্তা সৰ্ব্বোপৰি ঈশ্বৰ যিহোৱাৰ নামেৰে হাত দাঙি শপত খাই কৈছোঁ যে,


সকলোকে বাহিৰ কৰি অনাৰ পাছত তেওঁলোকৰ এজনে লোটক ক’লে, “প্ৰাণ বচাবলৈ হ’লে পলোৱা! পাছলৈ ঘূৰি নাচাবা আৰু এই সমভূমিৰ কোনো ঠাইতে নৰখিবা; পাহাৰটোলৈ পলাই যোৱা; নহ’লে তোমালোকো বিনষ্ট হ’বা।”


চাওঁক, আপোনালোকৰ দৃষ্টিত আপোনালোকৰ এই দাসে অনুগ্ৰহ পাইছো আৰু মোৰ জীৱন ৰক্ষা কৰাত আপোনালোকে মোলৈ দয়াও দেখুৱালে; কিন্তু মই পাহাৰটোলৈ পলাই যাব নোৱাৰোঁ; কিয়নো মই গৈ পোৱাৰ আগেয়ে হয়তো সেই বিপদ আহি পৰিব আৰু মই মৰিম।


তুমি উতলা পানীৰ নিচিনা হোৱা বাবে তোমাৰ প্ৰাধান্যতা নাথাকিব; কিয়নো তুমি নিজ পিতৃৰ শোৱা বিচনালৈ উঠি গৈছিলা। তেতিয়া তুমি অপবিত্ৰ কৰ্ম কৰিছিলা। সি মোৰ শয্যালৈ উঠি গৈছিল।


মোৰ হৃদয়ে মোৱাবৰ বাবে কান্দিছে, তাৰ প্ৰধান লোকসকলে চোৱৰলৈ ইগ্লৎ-চলিচিয়ালৈ পলাই গৈছে। তেওঁলোকে লুহীতলৈ উঠি যোৱা বাটেদি কান্দি কান্দি উঠি গৈছে; তেওঁলোকে হোৰোণয়িমলৈ যোৱাৰ বাটত তেওঁলোকৰ বিনাশৰ কাৰণে উচ্চস্বৰে বিলাপ কৰিছে।


হিচবোনত এনে চিঞঁৰ বাগৰ হৈছে, যে, তাৰ শব্দ ইলিয়ালিলৈকে আৰু যহচলৈকে গৈছে আৰু চোৱৰৰ পৰা চিঞৰ-বাখৰৰ শব্দ হোৰোণয়িমলৈকে আৰু ইগ্লৎ-চলিচিয়ালৈকে গৈছে; কিয়নো নিম্ৰীমৰ জল সমূহো মৰুভূমি হ’ব।


তাৰ উপৰি তেওঁ তেওঁক নেগেভ আৰু খেজুৰৰ নগৰ যিৰীহোৰ উপত্যকাৰ সমথল ভূমি অৰ্থাৎ চোৱৰলৈকে দেখুৱালে।


কিয়নো সেই মানুহ, দুই মনৰ; তেওঁ নিজৰ সকলো গতিতে অস্থিৰ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন