3 তেওঁ ক’লে, “হে প্ৰভু, যদি আপোনালোকৰ দৃষ্টিত মই অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেন্তে আপোনালোকৰ এই দাসক এৰি পাৰ হৈ আগবাঢ়ি নাযাব।
তেনে সময়তে তেওঁ মূৰ তুলি চাই দেখিলে, কিছু দূৰৈত তেওঁৰ সন্মুখত তিনি জন লোক থিয় হৈ আছে; তেওঁলোকক দেখামাত্ৰকে লগ ধৰিবলৈ তেওঁ তম্বুৰ দুৱাৰ মুখৰ পৰা লৰি গ’ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।
মই অলপ পানী আনি দিওঁ, আপোনালোকে ভৰি ধুই লওঁক আৰু গছজোপাৰ তলতে বিশ্ৰাম লওঁক।
লাবনে ক’লে, “আপুনি যিহোৱাৰ আশীৰ্ব্বাদপ্ৰাপ্ত লোক, আহঁক; বাহিৰত কিয় এনেদৰে থিয় হৈ আছে? মই আপোনাৰ বাবে ঘৰ আৰু উটবোৰলৈয়ো ঠাই যুগুত কৰিছোঁ।”
মোৰ গৰু, গাধ, মেৰ-ছাগ আৰু ছাগলী আদি পশু আৰু দাস-দাসী সকলো আছে। সেয়ে মই মোৰ প্ৰভুৰ ওচৰলৈ আগতীয়াকৈ সংবাদ পঠাইছো মই যেন আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ।”
যোচেফে পোটিফৰৰ দৃষ্টিত অনুগ্ৰহ পাই তেওঁ তেওঁৰ ব্যক্তিগত পৰিচাৰক হ’ল; তাতে পোটিফৰে যোচেফক নিজৰ ঘৰৰ অধ্যক্ষ পাতিলে আৰু তেওঁৰ যি যি আছিল, সেই সকলোৰে দেখা-শুনাৰ ভাৰও তেওঁৰ অধীনত দিলে।
দয়া কৰি মই ঘূৰি আহি আপোনাৰ আগত মোৰ উপহাৰ উৎসর্গ নকৰা পর্যন্ত আপুনি ইয়াৰ পৰা নাযাব।” যিহোৱাই ক’লে, “তুমি উলটি নহা পর্যন্ত মই অপেক্ষা কৰিম।”
তেতিয়া গিদিয়োনে গৈ এটা ছাগলী পোৱালি ৰান্ধিলে আৰু এক ঐফা আটাগুৰি লৈ খমিৰ নিদিয়াকৈ কেইটামান পিঠা বনালে; তাৰ পাছত মাংসখিনি এটা খৰাহিত ভৰাই জোলখিনি পাত্ৰত লৈ ওক গছজোপাৰ তলত তেওঁক আনি দিলে।
তাতে ঈশ্বৰৰ দূতে তেওঁক ক’লে, “মাংস আৰু খমিৰ নোহাৱা পিঠা কেইটা লৈ এই শিলটোৰ ওপৰত থোৱা, আৰু জোলখিনি তাৰ ওপৰত ঢালি দিয়া।” গিদিয়োনে সেইদৰেই কৰিলে।