17 পাছত যিহোৱাই ক’লে, “মই যি কৰিম, তাক জানো অব্ৰাহামৰ পৰা লুকুৱাই ৰাখিম?
সেইবাবে, মই এতিয়া তালৈ নামি গৈ তেওঁলোকে যি কৰিছে বুলি মই শুনিছো, সচাঁকৈয়ে তেওঁলোক সেইদৰে দুষ্ট হৈছে নেকি তাক চাম; যদি তেনে নহয়, তাকো মই জানিব পাৰিম।”
তাৰ পাছতে সেই পুৰুষ কেইজন তাৰ পৰা ঘূৰি চদোমৰ ফাললৈ গ’ল আৰু অব্ৰাহাম তেতিয়াও যিহোৱাৰ সন্মুখত থিয় হৈ থাকিল।
তেতিয়া যিহোৱাই ক’লে, “যদি চদোম নগৰত পঞ্চাশ জনও ধাৰ্মিক লোক পাওঁ, তেন্তে তেওঁলোকৰ কাৰণে মই সেই গোটেই নগৰ খনকে ক্ষমা দিম।”
তেনেতে যিহোৱাই আকাশৰ পৰা চদোম আৰু ঘমোৰাৰ ওপৰত গন্ধক আৰু অগ্নি বর্ষাবলৈ ধৰিলে।
পাছত তেওঁ কর্ম্মিল পৰ্ব্বতত ঈশ্বৰৰ লোকজনৰ ওচৰ পাই তেওঁৰ ভৰিত খামোচি ধৰিলে। তাতে তেওঁক আঁতৰাই আনিবলৈ গেহজী ওচৰ চাপি অহাত, ঈশ্বৰৰ লোকে ক’লে, “তেওঁক অকলে থাকিবলৈ দিয়া; কিয়নো তেওঁৰ মন বিষাদেৰে ভৰা; কিন্তু যিহোৱাই মোৰ পৰা তাক গুপুতে ৰাখিছে, মোক একোকে নজনালে।”
হে আমাৰ ঈশ্বৰ, আপুনিয়েই জানো আপোনাৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ আগৰ পৰা এই দেশ নিবাসীসকলক দূৰ কৰি অব্ৰাহামৰ বংশক চিৰকালৰ বাবে এই দেশ দিয়া নাই?
যি সকলে যিহোৱালৈ ভয় ৰাখে, যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে; আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।
অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে।
এতিয়াৰ পৰা মই তোমালোকক দাস বুলি নকওঁ, কিয়নো প্ৰভুৱে যি কৰে দাসে সেই বিষয়ে নাজানে। মই তোমালোকক বন্ধু বুলি কওঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ; সেই বিষয়বোৰ তোমালোকক জনালোঁ।
এই শাস্ত্ৰীয় বচন সিদ্ধ হ’ল, য’ত কোৱা আছে, “অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল” আৰু সেই বাবে তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হ’ল।