Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 16:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 সেয়ে চাৰীয়ে অব্ৰামক ক’লে, “মোৰ প্রতি কৰা তাইৰ এই অন্যায়ৰ কাৰণে আপুনিয়ে দায়ী; মোৰ এই দাসীক ময়েই আপোনাৰ বাহুত দিলোঁ; কিন্তু এতিয়া তাই নিজকে গৰ্ভৱতী হোৱা জানি মোকেই হেয়জ্ঞান কৰিছে; এতিয়া যিহোৱায়ে আপোনাৰ আৰু মোৰ মাজত বিচাৰ কৰক।”

অধ্যায়টো চাওক কপি কৰক




আদি 16:5
12 পৰস্পৰ সংযোগসমূহ  

অব্ৰামে হাগাৰৰ সৈতে একেলগ হোৱাত তাই গৰ্ভৱতী হ’ল। হাগাৰে যেতিয়া বুজি পালে যে তাই গৰ্ভৱতী হৈছে, তেতিয়া তাই নিজৰ গৰাকীয়ণীক তুচ্ছ জ্ঞান কৰিবলৈ ধৰিলে।


তেনে কৰিলে অব্ৰাহামৰ ঈশ্বৰ আৰু নাহোৰ ও তেওঁলোকৰ পিতৃৰো ঈশ্বৰে যেন আমাৰ বিচাৰ কৰে।” তেতিয়া যাকোবে তেওঁৰ পিতৃ ইচহাকে ভয় ৰখা ঈশ্বৰৰ নামেৰে শপত খালে।


তেওঁৰ পিতৃ যিহোয়াদাই যে ৰজালৈ দয়া কৰিছিল, তাক যোৱাচ ৰজাই সোঁৱৰণ নকৰি যিহোৱাদাৰ পুত্ৰক এইদৰে বধ কৰালে৷ জখৰিয়াই তেওঁৰ মৃত্যুৰ সময়ত কৈছিল, “যিহোৱাই দৃষ্টি কৰি ইয়াৰ প্ৰতিশোধ লওঁক।”


হে মোৰ ঈশ্বৰ যিহোৱা, জাগি উঠা, মোৰ পক্ষে সাৰ পোৱা; মোৰ কাৰণেই সাৰ পোৱা।


হে ঈশ্বৰ, মোৰ বিচাৰ কৰা; ঈশ্বৰ ভয়হীন জাতিৰ বিৰুদ্ধে মোৰ পক্ষে কথা কোৱা; ছল আৰু অন্যায়কাৰী মানুহৰ পৰা মোক ৰক্ষা কৰা।


যিহোৱাই লোকসকলৰ বিচাৰ কৰে; হে যিহোৱা, মোৰ ধাৰ্মিকতাৰ কার্য আৰু মোত থকা সততা অনুসাৰে তুমি মোৰ বিচাৰ কৰা, হে মোৰ সৰ্ব্বোপৰি জনা।


তেওঁলোকে মোচি আৰু হাৰোণক ক’লে, “যিহোৱাই আপোনালোকলৈ দৃষ্টি কৰি দণ্ড দিয়ক; কাৰণ আপোনালোকে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সাক্ষাতে আমাক দোষী কৰিলে। আমাক বধ কৰিবলৈ আপোনালোকে তেওঁলোকৰ হাতত তৰোৱাল তুলি দিলে।”


মোলৈ আৰু মোৰ মাংসলৈ কৰা অত্যাচাৰৰ ফল বাবিললৈ হওক, এই বুলি চিয়োন-নিবাসিনীয়ে ক’ব; আৰু মোৰ ৰক্তপাতৰ ফল কলদীয়া নিবাসীবিলাকলৈ ঘটক, এই বুলি যিৰূচালেমে ক’ব।


এই বিষয়ত মই আপোনাৰ প্রতি কোনো অন্যায় কৰা নাই; বৰং মোৰ বিৰুদ্ধে যুদ্ধ কৰি আপুনিহে মোলৈ অন্যায় কৰিছে; বিচাৰকৰ্ত্তা যিহোৱায়ে এতিয়া ইস্ৰায়েলীয়া আৰু অম্মোনীয়াসকলৰ মাজত বিচাৰ কৰক’।


দায়ূদে চৌলক এই সকলো কথা কৈ শেষ কৰাৰ পাছত, চৌলে সুধিলে, “হে মোৰ বোপা দায়ুদ, এয়ে জানো তোমাৰ মাত?” এই বুলি কৈ চৌলে বৰ মাতেৰে ক্ৰন্দন কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন