Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 16:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 পুনৰ যিহোৱাৰ দূতে তাইক ক’লে, “চোৱা, তুমি গৰ্ভৱতী। তোমাৰ এটি পুত্ৰ জন্ম হ’ব; তুমি সেই ল’ৰাৰ নাম ইশ্মায়েল ৰাখিবা; কিয়নো যিহোৱাই তোমাৰ দূখৰ কথা শুনিলে।

অধ্যায়টো চাওক কপি কৰক




আদি 16:11
16 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ।


এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এটা চিন দিব: চোৱা, যুৱতী কন্যা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইম্মানুৱেল ৰখা হ’ব।


পাছত হান্নাই গৰ্ভধাৰণ কৰিলে, আৰু নিৰ্দিষ্ট সময়ত এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ তাক চমূৱেল বুলি মাতিলে, আৰু ক’লে, “কাৰণ মই যিহোৱাৰ পৰা ইয়াক খুজিছিলোঁ৷”


ঈশ্বৰে ক’লে, “নহয়, তোমাৰ ভাৰ্যা চাৰাই তোমালৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম ইচহাক [হাঁহি] ৰাখিবা; মই চিৰকালৰ এক বিধিৰূপে ইচহাক আৰু তেওঁৰ ভাবী-বংশৰ লোকসকলৰ সৈতে মোৰ বিধি স্থাপন কৰিম।


তেতিয়া তেওঁ ফলি খুজি তাত লিখিলে, “ইয়াৰ নাম ‘যোহন’।” তাতে সকলোৱে বিস্ময় মানিলে।


যেতিয়া ঢোঁৰা-কাউৰীৰ পোৱালি বোৰে ঈশ্বৰৰ গুৰিত চিঞঁৰে, আৰু আহাৰৰ অভাৱত ফুৰে তেতিয়া সেইবোৰৰ বাবে কোনে আহাৰ যোগায়?


এতিয়া ইস্ৰায়েলৰ লোকসকলৰ কাতৰোক্তি মোৰ ওচৰলৈ আহিল। অৱশ্যে মিচৰীয়া সকলে তেওঁলোকৰ ওপৰত কৰা উপদ্ৰবো মই দেখিছোঁ।


চোৱা, তুমি গর্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীচু থবা।


কিন্তু সেই দূতে তেওঁক ক’লে, “হে জখৰিয়া, ভয় নকৰিবা; কিয়নো তোমাৰ প্ৰার্থনা শুনা গল, আৰু তোমাৰ ভার্যা এলীচাবেতে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা।”


তেওঁ দুখীৰ দুখ দেখি হেয়জ্ঞান নকৰিলে, ঘৃণাৰ চকুৰে নাচালে; যিহোৱাই তেওঁৰ ওচৰৰ পৰা নিজৰ মুখ নাঢাকিলে, বৰং কাতৰোক্তিৰ সময়ত তেওঁ তাক শুনিলে।


তাৰ পাছত তেওঁলোকে ভোজন কৰিবলৈ বহিল; তেনেতে তেওঁলোকে চকু তুলি চাই দেখিলে যে, গিলিয়দৰ পৰা ইশ্মায়েলীয়া এক ব্যৱসায়ী দল আহি আছে। উটৰ পিঠিত তেওঁলোকে মা-মচলা, বিষ নিৰাময়ৰ সুগন্ধি মলম আৰু গন্ধৰস লৈ মিচৰ দেশলৈ নামি যাবলৈ আহি আছিল।


ল’ৰাটিৰ কান্দোন ঈশ্বৰৰ কাণত পৰাত ঈশ্বৰৰ দূতে আকাশৰ পৰা হাগাৰক মাত দিলে; দূতে ক’লে, “হাগাৰ, তোমাৰ কি হৈছে? ভয় নকৰিবা; কিয়নো তাত পৰি থকা তোমাৰ ল’ৰাৰ কান্দোন ঈশ্বৰে শুনা পাইছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন