Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 14:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 অব্ৰামে যেতিয়া শুনিলে যে তেওঁৰ আত্মীয়ক বন্দী কৰি লৈ গৈছে, তেতিয়া তেওঁ প্রশিক্ষণ প্রাপ্ত তেওঁৰ গৃহতেই জন্ম হোৱা তিনি শ ওঠৰ জন দাসক লৈ শত্রুবোৰৰ পাছে পাছে দানলৈকে খেদি গ’ল।

অধ্যায়টো চাওক কপি কৰক




আদি 14:14
26 পৰস্পৰ সংযোগসমূহ  

চাৰীৰ কাৰণে ফৰৌণে অব্ৰামলৈ ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে; তেওঁ অব্রামক অনেক মেৰ-ছাগ, গৰু, গাধ, গাধী, দাস-দাসী আৰু উট দিলে।


অব্ৰামে তেওঁৰ ভার্য্যা চাৰী আৰু ভতিজা পুতেক লোটক লগত লৈ ওলাই গ’ল। তেওঁৰ সকলো উপাৰ্জিত ধন, সম্পত্তি আৰু তেওঁ হাৰণত পোৱা সকলো দাসবোৰক লৈ কনান দেশ অভিমুখে যাত্রা কৰিলে। পাছত তেওঁলোকে কনান দেশ গৈ পালে।


তেতিয়া অব্ৰামে লোটক ক’লে, “চোৱা, আমি আত্মীয় হওঁ আৰু সেয়ে, মোৰে তোমাৰে মাজত, মোৰ পশু-ৰখীয়া আৰু তোমাৰ পশু-ৰখীয়াৰ মাজত বিবাদ হোৱাটো উচিত নহব;


তেওঁলোক যাওঁতে সকলো সম্পদেৰে সৈতে চদোমত বাস কৰা অব্ৰামৰ ভতিজা পুতেক লোটকো বন্দী কৰি লৈ গ’ল।


তেওঁ সকলোবোৰ সম্পত্তি ঘূৰাই আনিলে; তেওঁৰ ভতিজা পুতেক লোটক তেওঁৰ বয়-বস্তুৰে সৈতে উদ্ধাৰ কৰিলে আৰু পুৰুষ-মহিলা সকলোকে ওভটাই আনিলে।


অব্ৰামে ক’লে, “আপুনি মোক সন্তান নিদিলে আৰু সেয়ে মোৰ ঘৰৰ এজন দাসেই মোৰ উত্তৰাধিকাৰী হ’ব।”


বংশানুক্রমে তোমালোকৰ প্রত্যেকজন পুত্ৰ-সন্তানৰ জন্মৰ আঠ দিনৰ দিনা এই চুন্নৎ হ’ব লাগিব; বংশৰ কোনো নহলেওঁ তোমালোকৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা কিনি লোৱা দাসবোৰৰো চুন্নৎ হ’ব লাগিব।


তাৰ পাছত ঈশ্বৰৰ কথা অনুসাৰে অব্ৰাহামে তেওঁৰ পুতেক ইশ্মায়েলক, তেওঁৰ ঘৰত জন্ম হোৱা আৰু কিনি লোৱা দাসবোৰক অৰ্থাৎ অব্ৰাহামৰ ঘৰত যিমান পুৰুষ আছিল, তেওঁ সেই দিনাই সকলোৰে লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিলে।


তেওঁৰ লগতে ঘৰৰ আন সকলো পুৰুষৰ অর্থাৎ তেওঁৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা যি সকলক কিনি লোৱা হৈছিল, সেই সকলো পুৰুষৰে চুন্নৎ কৰা হ’ল।


মই তেওঁক মনোনীত কৰিলোঁ যেন তেওঁ নিজৰ সন্তান সকলক আৰু ঘৰৰ ভাবীসন্তান সকলক যিহোৱাৰ পথত চলিবলৈ, সৎ আৰু ন্যায় কার্য কৰিবলৈ আজ্ঞা দিয়ে আৰু যেন যিহোৱাই অব্ৰাহামক যি কথা ক’লে তাক সিদ্ধ কৰিব পাৰে।”


“হে মালিক, আমাৰ কথা শুনক; আপুনি আমাৰ মাজত ঈশ্বৰৰ এজন নিযুক্ত ৰজা স্বৰূপ; আমাৰ মৈদামবোৰৰ আটাইতকৈ উত্তমটো নির্বাচন কৰি তাতেই আপোনাৰ মৃতকক মৈদাম দিয়ক। আপোনাৰ মৃতকক মৈদাম দিবৰ কাৰণে আমাৰ মাজৰ কোনেও নিজৰ মৈদামস্থান এৰি দিবলৈ আপত্তি নকৰিব।”


তেতিয়া বিন-হদদে ৰজা আচাৰ কথা শুনি, ইস্ৰায়েলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁৰ সৈন্য বাহিনীৰ সেনাপতিসকলক আক্ৰমণ কৰিবলৈ পঠিয়ালে৷ তেতিয়া তেওঁলোকে গৈ ইয়োন, দান, আবেল-বৈৎমাখা, গোটেই কিন্নেৰৎ আৰু নপ্তালীৰ সকলো দেশকে আক্ৰমণ কৰিলে।


তেওঁলোকে ঘোষণা কৰে, “সৈন্যদলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে!” ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লুটদ্ৰব্য ভাগ বাঁটি লৈছে:


বন্ধু সকলো সময়তে প্রিয় হয়; আৰু ভায়েকৰ দুৰ্দ্দশাৰ দিনৰ বাবে জন্ম হয়।


মই অনেক দাস আৰু দাসীক কিনি ল’লো; মোৰ ৰাজপ্রাসাদতো অনেক দাস-দাসীৰ জন্ম হৈছিল; মোৰ আগেয়ে যিসকল যিৰূচালেমত আছিল, তেওঁলোক সকলোতকৈ মোৰ অনেক বেছি গৰু-ছাগলী আৰু মেৰ-ছাগ আদি পশুধনৰ জাক আছিল;


তেতিয়া তেওঁলোকে সকলো মানুহক লগত লৈ নথনিয়াৰ পুতেক ইশ্মায়েলে সৈতে যুদ্ধ কৰিবলৈ গ’ল আৰু গিবিয়োনৰ থকা বৰ পুখুৰীৰ ওচৰত তেওঁক দেখা পালে।


পাছত মোচিয়ে মোৱাবৰ সমথলৰ পৰা যিৰীহোৰ বিপৰীতে থকা নবো পৰ্ব্বতলৈ পিচগাৰ চূড়ালৈ উঠি গ’ল। তাৰ পৰা যিহোৱাই তেওঁক গোটেই দেশ দেখুৱালে। তেওঁ তেওঁক গিলিয়দৰ পৰা দান পর্যন্ত গোটেই দেশ,


হে শিশুসকল, শেষ-কাল উপস্থিত হৈছে৷ আৰু খ্ৰীষ্টৰ শত্রু আহিব লাগিছে, এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টৰ শত্রু আহিল; ইয়াৰ দ্বাৰাই আমি জানো যে, শেষ-কাল উপস্থিত হৈছে।


আৰু তেওঁলোকৰ পূৰ্বপুৰুষ ইস্ৰায়েলৰ পুত্ৰ যি দান, তেওঁৰ নামেৰে সেই নগৰৰ নাম লয়িচ আছিল।


পাছত ইস্ৰায়েলৰ সন্তানসকল একত্রিত হ’ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰ-চেবা পর্যন্ত, আনকি গিলিয়দ চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিস্পাত যিহোৱাৰ সন্মুখত গোট খালে।


তেওঁ সৰু বা ডাঙৰ, একোৱেই নেহেৰুৱালে, পুতেক-জীয়েক আদি কৰি লুটদ্ৰব্যৰ সকলোখিনি উভতাই পালে। তেওঁলোকে যিবোৰ লুট কৰি নিছিল, সেই সকলোখিনিয়ে দায়ূদে উভতাই আনিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন