18 ফৰৌণে অব্ৰামক মাতি ক’লে, “আপুনি মোৰ লগত এইটো কি কাম কৰিলে? এওঁ যে আপোনাৰ ভাৰ্যা, তাক মোক কিয় কোৱা নাছিল?
আপুনি কিয় ‘তাই মোৰ ভনী’ বুলি কৈছিল? সেই কাৰণেহে মই তেওঁক বিয়া কৰিবলৈ আনিছিলোঁ। এতিয়া, এয়া আপোনাৰ ভাৰ্যা; তেওঁক লৈ আপুনি গুছি যাওঁক।”
কিন্তু ৰাতি ঈশ্বৰে সপোনত অবীমেলকৰ ওচৰলৈ আহি ক’লে, “চোৱা, যি মহিলাগৰাকীক তুমি লৈ আনিছা, তেওঁৰ কাৰণে তোমাৰ মৃত্যু অনিবার্য। কিয়নো তেওঁ এজন পুৰুষৰ ভাৰ্যা।”
ৰাতিপুৱা হোৱাত যাকোবে আচৰিত হৈ দেখিলে যে, এওঁ দেখুন লেয়াহে! যাকোবে লাবনক ক’লে, “আপুনি মোলৈ এইটো কি কাম কৰিলে? ৰাহেলৰ কাৰণে মই জানো আপোনাৰ সেৱা কৰা নাছিলো? তেন্তে মোক কিয় ছলনা কৰিলে?”
তেতিয়া ঈশ্বৰ যিহোৱাই সেই নাৰীক ক’লে, “তুমি এইটো কি কৰিলা?” নাৰীয়ে ক’লে, “সৰ্পই মোক ছলনা কৰি ভুলালে আৰু সেয়ে মই তাক খালো।”
পাছত লাবনে যাকোবক ক’লে, “তুমি এইয়া কি কৰিলা? কিয় মোক ঠগালা আৰু মোৰ ছোৱালীবোৰক যুদ্ধৰ বন্দীৰ দৰে লৈ আহিলা?
তেতিয়া যিহোৱাই ক’লে, “তুমি কি কৰিলা? তোমাৰ ভাইৰ তেজে ভূমিৰ পৰা মোলৈ চিঞৰি মাতিছে।
তেতিয়া যোচেফে তেওঁলোকক ক’লে, “তোমালোকেনো এইটো কি কাম কৰিলা? তোমালোকে নাজানা নে যে মোৰ নিচিনা এজন লোকে মঙ্গল চোৱাৰ অভ্যাস কৰিব পাৰে?”
তেতিয়া যোৱাবে ৰজাৰ আগলৈ আহি ক’লে, আপুনি কি কৰিলে? চাওঁক, অবনেৰে আপোনাৰ ওচৰলৈ আহিছিল! আপুনি তাক বিদায় দি কিয় শান্তিৰে যাবলৈ দিলে?
তাৰ পাছত মোচিয়ে হাৰোণক ক’লে, “এই লোকসকলে তোমাক কি কৰিছিল, যে তুমি তেওঁলোকক এনে মহাপাপত পেলালা?”
ৰজাৰ হৃদয় যিহোৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে; তেওঁ এই পানী যি দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বোৱায়।
তেতিয়া যিহোচূৱাই আখানক ক’লে, “বোপা, তুমি সর্বসশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সন্মূখত সত্য কথা কোৱা আৰু তেওঁৰ প্ৰশংসা কৰা৷ বিনয় কৰোঁ, তুমি যি কৰিলা, সেই বিষয়ে মোক কোৱা; মোৰ পৰা সেই বিষয় নুলুকুৱাবা।”
তোমালোকেও এই দেশৰ লোকসকলৰ সৈতে কোনো চুক্তি নকৰিবা; সিহঁতৰ বেদিবোৰ ভাঙি পেলাবা।’ কিন্তু তোমালোকে মোৰ কথালৈ কাণ নিদিলা। তোমালোকে কিয় এনে কার্য কৰিলা?
তেতিয়া চৌলে যোনাথনক ক’লে, “তুমি কি কৰিলা, সেই বিষয়ে মোক কোৱা;” তাতে যোনাথনে তেওঁক ক’লে, “মোৰ হাতত থকা লাখুটিৰ আগেৰে যৎকিঞ্চিৎ মৌৰস লৈ সঁচাকৈ চাকিছিলোঁ হয়; চাওঁক, মই মৰিব লগা হওঁ।”