Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 12:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 চাৰীৰ কাৰণে ফৰৌণে অব্ৰামলৈ ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে; তেওঁ অব্রামক অনেক মেৰ-ছাগ, গৰু, গাধ, গাধী, দাস-দাসী আৰু উট দিলে।

অধ্যায়টো চাওক কপি কৰক




আদি 12:16
13 পৰস্পৰ সংযোগসমূহ  

এই সময়ত অব্ৰাম অতিশয় ধনী আছিল। তেওঁৰ অনেক পশু, সোণ আৰু ৰূপ আছিল।


অব্রাম আৰু লোট উভয়ৰ কাৰণে একেলগে কাষত থাকি বাস কৰিবলৈ সেই ঠাই যথেষ্ট নাছিল, কাৰণ তেওঁলোকৰ সা-সম্পদ বহুত বেছি আছিল।


অব্ৰামৰ ভাৰ্যা চাৰী তেতিয়ালৈকে নিঃসন্তান আছিল; হাগাৰ নামেৰে চাৰীৰ এগৰাকী মিচৰীয়া দাসী আছিল।


তাৰ পাছত অবীমেলকে কিছুমান মেৰ-ছাগ, গৰু আৰু দাস-দাসীক আনি অব্ৰাহামক দিলে আৰু তাৰ লগতে তেওঁৰ ভাৰ্যা চাৰাকো ওভটাই দিলে।


যিহোৱাই মোৰ প্ৰভুক অতিশয়ৰূপে আশীৰ্ব্বাদ কৰিছে আৰু এতিয়া এজন মহান ব্যক্তি। যিহোৱাই তেওঁক মেৰ-ছাগ, ছাগলী আৰু গৰুৰ জাক, ৰূপ আৰু সোণ, দাস-দাসী, উট, গাধ এই সকলো দিছে।


আৰু তেওঁৰ অনেক পশুধন আৰু অনেক দাস-দাসী হ’ল। এইকাৰণে পলেষ্টীয়াসকলে তেওঁক ঈৰ্ষা কৰিলে।


এইদৰে যাকোব অতিশয় ধনী লোক হৈ উঠিল। তেওঁৰ পশুধন, উট, গাধ আৰু দাস দাসীৰ সংখ্যা অধিকৰূপে বৃদ্ধি পালে।


মোৰ গৰু, গাধ, মেৰ-ছাগ আৰু ছাগলী আদি পশু আৰু দাস-দাসী সকলো আছে। সেয়ে মই মোৰ প্ৰভুৰ ওচৰলৈ আগতীয়াকৈ সংবাদ পঠাইছো মই যেন আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ।”


তেওঁৰ সাত হাজাৰ মেৰ-ছাগ আৰু ছাগলী, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাঁচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পূব দেশৰ লোকসকলৰ মাজত সকলোতকৈ মহান আছিল।


এইদৰে যিহোৱাই ইয়োবৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক আশীৰ্ব্বাদযুক্ত কৰিলে; তাতে তেওঁৰ চৈধ্যহাজাৰ মেৰ-ছাগ আৰু ছাগলী, ছয় হাজাৰ উট, এক হাজাৰ হাল বলধ, আৰু এক হাজাৰ গাধী হ’ল।


কিন্তু সেই দাস জনে যদি নিজৰ মনতে কয়, ‘মোৰ প্ৰভু অহাত পলম হ’ব’, আৰু এনেদৰে আন বন্দী বেটীক যদি কোবাবলৈ ধৰে, আৰু ভোজন-পান কৰি তেওঁ মতলীয়া হয়।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন