1 যিহোৱাই অব্ৰামক ক’লে, “তুমি তোমাৰ নিজৰ দেশ, তোমাৰ আত্মীয়-স্বজন আৰু তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা।
পাছত যিহোৱাই তেওঁক ক’লে, “ময়েই সেই যিহোৱা! এই দেশৰ অধিকাৰী হবৰ কাৰণে ময়েই তোমাক কলদীয়াসকলৰ উৰ নগৰৰ পৰা বাহিৰ কৰি আনিলো।”
ঈশ্বৰে যেতিয়া মোক মোৰ পিতৃৰ ঘৰ ত্যাগ কৰিবলৈ দিলে আৰু মোক এঠাইৰ পৰা আন ঠাইলৈ ভ্রমণ কৰাই লৈ ফুৰালে, তেতিয়া মই মোৰ ভার্য্যাক কৈছিলোঁ, ‘মোৰ ভার্য্যা হিচাবে তুমি মোলৈ এই বিশ্বস্ততা প্রকাশ কৰিবা: আমি যি ঠাইলৈকে যাম, তুমি মোক তোমাৰ ককাই বুলি পৰিচয় দিবা’।”
ইয়াৰ পৰিবর্তে, মোৰ পিতৃৰ আৰু মোৰ আত্মীয়সকলৰ পৰিয়াললৈ যোৱা আৰু মোৰ পুত্রৰ বাবে এগৰাকী ভার্য্যা লৈ আহাঁ’।
তুমি মোৰ দেশত থকা জ্ঞাতিসকলৰ ওচৰলৈ গৈ মোৰ পুত্ৰ ইচহাকৰ বিয়াৰ বাবে ছোৱালী বিচাৰি ইয়ালৈ লৈ আনিবা।”
স্বর্গৰ প্রভু স্বয়ং ঈশ্বৰ যিহোৱাই মোৰ পিতৃৰ জন্মভূমিৰ পৰা মোক সপৰিয়ালে সৈতে ইয়ালৈ লৈ আহিল আৰু মই তোমাৰ বংশক এই দেশ দিম বুলি মোৰ আগত শপত কৰিলে, স্বৰ্গৰ ঈশ্বৰ যিহোৱাই তোমাৰ আগে আগে নিজ দূত পঠাই দিব; তাতে তুমি মোৰ পুত্ৰৰ নিমিত্তে সেই ঠাইৰ পৰাই ছোৱালী আনিব পাৰিবা।
পাছত যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “তুমি মিচৰ দেশলৈ নামি নাযাবা; যি দেশৰ কথা মই তোমাক ক’ম, তাতে থাকিবা।
আপুনি সেই ঈশ্ৱৰ যিহোৱা, যি জনে অব্ৰামক মনোনীত কৰি কলদীয়া সকলৰ দেশ উৰৰ পৰা উলিয়াই আনি তেওঁৰ নাম অব্ৰাহাম ৰাখিছিল।
মোৰ পূর্বপুৰুষসকলে ধ্বংস কৰা দেশবাসী গোজন, হাৰণ, ৰেচফ, আৰু তলচ্ছাৰত থকা এদনৰ সন্তানসকলক তেওঁলোকৰ দেৱতাবোৰে জানো তেওঁলোকক ৰক্ষা কৰিছে’?”
যাক মই পৃথিৱীৰ অন্তৰ পৰা হাতেৰে ধৰি আনিলো, আৰু যাক মই অতি দূৰৰ পৰা মাতিলো আনিলো, যাক মই ক’লো, ‘তুমি মোৰ দাস;’ মই তোমাক মনোনীত কৰিলোঁ আৰু তোমাক ত্যাগ কৰা হোৱা নাই।
তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম আৰু তোমালোকৰ প্ৰসৱকাৰিণী চাৰালৈ দৃষ্টি কৰা; কাৰণ তেওঁ যেতিয়া অকলশৰীয়া ব্যক্তি আছিল, তেতিয়া মই তেওঁক মাতি আশীৰ্ব্বাদ দি বহুবংশ কৰিলোঁ।
“হে মনুষ্য সন্তান, ইস্ৰায়েলৰ ধ্বংসস্থানবোৰত বাস কৰা লোকসকলে কয়, ‘অব্ৰাহাম এজন মাত্ৰ লোক আছিল, তথাপি তেওঁ দেশ অধিকাৰ কৰিছিল; কিন্তু আমি হ’লে অনেক! অধিকাৰৰ অৰ্থে দেশ আমাকেই দিয়া হৈছে।’
কিন্তু হোবাবে মোচিক ক’লে, “মই তোমাৰ লগত নাযাওঁ। মই নিজ দেশৰ জ্ঞাতিসকলৰ ওচৰলৈ যাম।”
এতেকে, প্ৰভুৱে কৈছে, “তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহা আৰু পৃথক হোৱা, আৰু কোনো অশুচি বস্তুক নুচুবা, তাতে মই তোমালোকক গ্ৰহণ কৰিম,
ঈশ্বৰত বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া অব্ৰাহামক আহ্বান কৰিলে, তেতিয়া তেওঁ বাধ্য হ’ল, আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল, সেই দেশ অধিকাৰ কৰিবৰ বাবে তেওঁ গৈছিল; আৰু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল।
পাছত আন এক আকাশ বাণীত এনেদৰে কোৱা শুনিলোঁ, “হে মোৰ লোক সকল, তোমালোকে যেন তাইৰ পৰা ওলাই আহা যাতে তোমালোকে তাইৰ পাপৰ অংশীদাৰ নোহোৱা আৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা৷