9 মই তেওঁৰ বংশক নবাটৰ পুতেক যাৰবিয়ামৰ বংশৰ নিচিনা আৰু অহিয়াৰ পুতেক বাচাৰ বংশৰ নিচিনা কৰিম।
তেওঁ ৰজা হোৱা মাত্রকে যাৰবিয়ামৰ গোটেই বংশকে বধ কৰিলে। যিহোৱাই নিজ দাস চীলোনীয়া অহীয়াৰ দ্বাৰাই কোৱা বাক্য অনুসাৰে, তেওঁ যাৰবিয়ামৰ বংশক আনকি নিশ্বাস লবলৈকো কাকো অৱশিষ্ট নাৰাখিলে৷ এইদৰে বাচাই যাৰবিয়ামৰ বংশক সংহাৰ কৰিলে৷
আৰু যি অসন্তোসজনক কাৰ্যবোৰেৰে তুমি মোৰ ক্রোধ উত্তেজিত কৰিলা আৰু ইস্ৰায়েলক পাপ কৰোৱালা, সেই কাৰণে মই তোমাৰ বংশ, নবাটৰ পুত্র যাৰবিয়ামৰ বংশ আৰু অহিয়াৰ পুত্র বাচাৰ বংশৰ দৰে কৰিম।’
এইদৰে যেহূৱে যিজ্ৰিয়েলত থকা আহাবৰ বংশৰ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁৰ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁৰ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল।