Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 ৰাজা 9:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 যি ঘটিল, তাকে দেখি যিহূদাৰ ৰজা অহজিয়াই বৈৎ-হাগগানৰ পথেদি পলাই গ’ল। যেহূৱে তেওঁৰ পাছে পাছে খেদি গৈ চিঞৰিলে, “তেওঁকো ৰথৰ ভিতৰত বধ কৰা।” তেতিয়া তেওঁলোকে যিব্লিয়ামৰ ওচৰৰ গূৰলৈ উঠি যোৱা পথত তেওঁক আঘাত কৰিলে। অহজিয়াই মগিদ্দোলৈ পলাই গ’ল আৰু তাতে তেওঁ মৰিল।

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 9:27
17 পৰস্পৰ সংযোগসমূহ  

আহাবে নাবোতক ক’লে, “তোমাৰ দ্ৰাক্ষাবাৰীখন মোক দিয়া, মই তাক শাকৰ বাৰী কৰিম, কাৰণ সেয়ে মোৰ ঘৰৰ ওচৰতে আছে; মই তাৰ সলনি তোমাক তাতকৈ উত্তম আন এখন দ্ৰাক্ষাবাৰী দিম, বা যদি তুমি ইচ্ছা কৰা তেনেহলে তাৰ যি ৰূপ হ’ব, তাৰ মূল্যও তোমাক দিম।”


তানক আৰু মগিদ্দোত অহীলূদৰ পুত্ৰ বানাৰ আৰু চৰ্তনৰ ওচৰত যিজ্ৰিয়েলৰ তলত থকা গোটেই বৈৎ-চান অৰ্থাৎ পৰা আবেল-মহোলা আৰু যকমিয়ামৰ সিটো দিশলৈকে অধিকাৰ কৰি আছিল। অধিকাৰ আছিল৷


কিন্তু তেওঁলোকে অতিশয় ভয় খাই ক’লে, “চাওঁক, দুজন ৰজায়েই যেতিয়া যেহূৰ আগত থিয় হ’ব নোৱাৰিলে, তেন্তে আমিনো কেনেকৈ থিয় হ’ব পাৰিম?”


যিহূদাৰ ৰজা অহজিয়াৰ মাক অথলিয়াই যেতিয়া দেখিলে যে তেওঁৰ পুত্রৰ মৃত্যু হ’ল, তেতিয়া তেওঁ ৰাজবংশৰ সকলো সন্তানকে বধ কৰিলে।


ইস্রায়েলত যেহূৰ ৰাজত্বৰ সপ্তম বছৰত যোৱাচ ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত চল্লিশ বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল চিবিয়া; তেওঁ বেৰ-চেবা নগৰৰ নিবাসী আছিল।


চিমিয়তৰ পুতেক যোজাখৰ আৰু চোমেৰৰ পুতেক যিহোজাবদ, এই দুজন দাসে তেওঁক আক্রমণ কৰি বধ কৰিছিল। তেওঁলোকে যোৱাচক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিলে। তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।


তেওঁলোকে যিৰূচালেমত অমিচিয়াৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে আৰু তেওঁ লাখীচলৈ পলাই গ’ল। কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠাই তেওঁক তাত বধ কৰিলে।


পাছত আমোনৰ দাসবোৰে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি ৰাজগৃহতে তেওঁক বধ কৰিলে।


অৰামৰ ৰজা হজায়েলৰ সৈতে ৰামাত যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে কৰা সেই আঘাতৰ পৰা সুস্থ হ’বৰ কাৰণে ৰজা যোৰাম যিজ্ৰিয়েললৈ ঘূৰি গ’ল। যিহোৰামৰ পুত্র যিহূদাৰ ৰজা অহজিয়াই আহাবৰ পুত্ৰ যোৰামে আঘাত পাই অসুস্থ হোৱা বাবে তেওঁক চাবলৈ যিজ্রিয়েললৈ নামি গ’ল।


জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা; কিন্তু অজ্ঞানীলোকৰ সঙ্গীয়ে কষ্ট ভোগ কৰিব।


তেওঁ সমাজক ক’লে, “বিনয় কৰোঁ, তোমালোকে এই দুষ্ট লোকসকলৰ তম্বুৰ ওচৰৰ পৰা আঁতৰি যোৱা, আৰু এওঁলোকৰ একো বস্তু নুচুবা; নহ’লে এওঁলোকৰ পাপ সমূহত বিনষ্ট হ’বা।”


এতেকে, প্ৰভুৱে কৈছে, “তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহা আৰু পৃথক হোৱা, আৰু কোনো অশুচি বস্তুক নুচুবা, তাতে মই তোমালোকক গ্ৰহণ কৰিম,


ইচাখৰত আৰু আচেৰত বৈৎ-চান আৰু তাৰ গাওঁবোৰ, যিব্লিয়ামৰ সৈতে তাৰ গাওঁবোৰ, দোৰ-নিবাসীসকল আৰু তাৰ গাওঁবোৰ, অয়িন দোৰ-নিবাসী আৰু তাৰ গাওঁবোৰ, তানক নিবাসী আৰু তাৰ গাওঁবোৰ আৰু মগিদ্দো নিবাসীসকলৰ সৈতে তাৰ গাওঁবোৰ মনচিৰ অধিকাৰত আছিল; আৰু তৃতীয় নগৰ আছিল নাফেথ৷


মনচিৰ বংশৰ লোকসকলে বৈৎ-চান, তানক, দোৰ, যিব্লিয়াম, মগিদ্দো চহৰৰ আৰু ইয়াৰ আশে-পাশে থকা গাওঁবোৰৰ বাসিন্দাসকলক উচ্ছেদ নকৰিলে, কাৰণ কনানীয়াসকলে সেই ঠাইতে থাকিবলৈ মন দৃঢ় কৰিলে।


ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে; মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন