2 ৰাজা 7:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20194 আমি যদি কওঁ যে, নগৰলৈকে সোমাই যাওঁ, তেন্তে তাতো আকাল হৈছে আৰু আমি সেই ঠাইতো মৰিম। এতিয়া ইয়াতো যদি বহি থাকোঁ, তেন্তে ইয়াতো মৰিম। এই হেতুকে আহাঁ, আমি অৰামীয়াসকলৰ ছাউনিলৈকে যাওঁ; তেওঁলোকে যদি আমাক জীয়াই ৰাখে, তেন্তে জী থাকিম আৰু যদি মাৰে, তেন্তে মৰিম।” অধ্যায়টো চাওক |
চৌলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পলেষ্টীয়াসকলৰ লগত দায়ুদ যোৱাৰ সময়ত, মনচিৰ পৰা কিছুমান লোক আতৰিগৈ দায়ূদৰ ফলীয়া হ’ল। কিন্তু তেওঁলোকে ফিলিষ্টীয়াসকলক সহায় কৰা নাছিল, কাৰণ ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ইজনে সিজনৰ সৈতে পৰামৰ্শ কৰি তেওঁক পঠিয়াই দিলে। তেওঁলোকে ক’লে, “তেওঁ আমাৰ জীৱন বিপদত পেলাই নিজৰ প্ৰভু চৌলৰ ফালে পলায়ন কৰিব।”