Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 6:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 ৰজাই ক’লে, “যিহোৱাই যদি সহায় নকৰে, তেন্তে মই ক’ৰ পৰা তোমাক সহায় কৰিব পাৰোঁ? মৰণা মৰা খলাৰ পৰা নে দ্ৰাক্ষাকুণ্ডৰ পৰা?”

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 6:27
11 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই এইদৰে কৈছে: “যি মানুহে মানুহত ভাৰসা ৰাখে, তেওঁ শাপগ্ৰস্ত; তেওঁ মৰ্ত্ত্যক নিজৰ বাহু জ্ঞান কৰে, আৰু তেওঁৰ মন যিহোৱাৰ পৰা আঁতৰ হয়।


তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা; তেওঁলোকে সহায় কৰিব নোৱাৰে।


যিহোৱাই গৃহ নিৰ্ম্মাণ নকৰিলে, নিৰ্ম্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা; যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।


হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা; তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা; তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা; কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। [চেলা]


শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা; কিয়নো মানুহৰ সহায় বৃথা।


ভবিষ্যতৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব।


পাছত তেওঁলোকে গৈ যৰ্দ্দনৰ সিপাৰে থকা আটদৰ মৰণা মৰা ঠাই পালে, সেই ঠাইতে তেওঁলোকে অতি দাৰুণ মহা-বিলাপেৰে বিলাপ কৰিলে।


ইস্ৰায়েলৰ ৰজাই এদিন নগৰৰ দেৱালৰ ওপৰেদি অহা-যোৱা কৰি আছিল; এনে সময়তে এগৰাকী মহিলাই তেওঁক চিঞঁৰি চিঞঁৰি ক’লে, “সহায় কৰক, হে মোৰ প্ৰভু, মহাৰাজ।”


ৰজাই তাইক পুনৰ সুধিলে, “তোমাৰ কি সমস্যা?” তাই উত্তৰ দিলে, “এই মহিলাই কৈছিল, ‘আজি আমি খাবলৈ তোমাৰ ল’ৰাটোক দিয়া; অহাকালি আমি মোৰ ল’ৰাটোক খাম।’”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন