4 তাৰ পাছত তুমি তোমাৰ ল’ৰা দুজনৰে সৈতে ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিবা আৰু সেই পাত্ৰবোৰত তেল ঢালিবা। এটা এটাকৈ পাত্ৰবোৰ ভৰি পৰাৰ পাছত একাষৰিয়াকৈ থবা।”
তেতিয়া ইলীচাই ক’লে, “তুমি তোমাৰ সকলো প্রতিবেশীসকলৰ পৰা কিছুমান খালী পাত্র ধাৰলৈ আনিবলৈ ওলাই যোৱা। যিমান সম্ভৱ হয়, সিমান বেছিকৈ আনিবা।
তেতিয়া মহিলাগৰাকী ইলীচাৰ ওচৰৰ পৰা গুছি গ’ল; তেওঁ নিজৰ ল’ৰা দুটিক লৈ ঘৰত সোমাই দুৱাৰ বন্ধ কৰি দিলে। ল’ৰা দুজনে তেওঁৰ ওচৰলৈ পাত্রবোৰ আনিবলৈ ধৰিলে আৰু তেওঁ সেইবোৰত তেল ঢালিয়েই থাকিল।
হে মোৰ লোকসকল যোৱা, তোমালোকৰ কোঁঠালিত সোমোৱা, আৰু চাৰিও ফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেক মনে মনে লুকাই থাকা।
কিন্তু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া ভিতৰ-কোঠালীলৈ গৈ দুৱাৰ বন্ধ কৰিবা আৰু যি জনক দেখা পোৱা নাযায়, তোমালোকৰ সেই পিতৃৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
ছোৱালী জনী মৰা নাই, টোপনিতহে আছে।” তাতে তেওঁলোকে তেওঁক হাঁহিলে। কিন্তু তেওঁ সকলোকে বাহিৰ কৰি, ছোৱালী জনীৰ মাক-দেউতাক আৰু তেওঁৰ সঙ্গী সকলক লগত লৈ, যি ঠাইত ছোৱালী জনী আছিল, সেই ঠাইলৈ গ’ল।
তাৰ পাছত যীচুৱে সেই পিঠাকেইখন লৈ ঈশ্বৰক ধন্যবাদ দি বহি থকা সকলৰ মাজত ভগাই দিলে। তেনেদৰে তেওঁ পাছত মাছো ভগাই দিলে। যেয়ে যিমান বিচাৰিলে সিমানকৈ পালে।
কিন্তু পিতৰে তেওঁলোক আটাইকে বাহিৰলৈ যাব দি আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিলে; পাছত মৃতদেহৰ ফাললৈ ঘূৰি চাই কলে, “হে টাবিথা উঠা।” তেতিয়া তেওঁ চকু মেলি পিতৰক দেখি বহিল৷
আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।