Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 4:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 ইলীচাই ক’লে, “অহা বছৰৰ এই সময়ত আপুনি কোলাত এটি পুত্ৰ সন্তান ল’বলৈ পাব।” মহিলাগৰাকীয়ে ক’লে, “হে মোৰ প্ৰভু, হে ঈশ্বৰৰ লোক, আপোনাৰ দাসীক মিছা আশা নিদিব।”

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 4:16
16 পৰস্পৰ সংযোগসমূহ  

তেতিয়া তেওঁলোকৰ মাজৰ এজনে ক’লে, “বসন্তকালত মই নিশ্চয়ে তোমাৰ ওচৰলৈ আকৌ উলটি আহিম; তেতিয়া তোমাৰ ভাৰ্যা চাৰাৰ এটি পুত্ৰ হ’ব।” চাৰাই তেওঁৰ পাছফালে তম্বুৰ দুৱাৰমুখত থাকি সকলো কথা শুনি আছিল।


কিন্তু সেই দূতে তেওঁক ক’লে, “হে জখৰিয়া, ভয় নকৰিবা; কিয়নো তোমাৰ প্ৰার্থনা শুনা গল, আৰু তোমাৰ ভার্যা এলীচাবেতে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা।”


মহিলাগৰাকীয়ে ক’লে, “হে মোৰ প্ৰভু, মই জানো আপোনাৰ ওচৰত এটি ল’ৰা খুজিছিলোঁ? মই জানো আপোনাক কোৱা নাছিলো, ‘মোক মিছা আশা নিদিব’?”


কিন্তু মোৰ নিয়মটি হ’লে অহা বছৰ এই সময়তে চাৰাই তোমালৈ যি সন্তান প্ৰসৱ কৰিব, সেই ইচহাকৰ সৈতেহে স্থাপন কৰিম।”


মই উদ্বেগ কৰি কৈছিলোঁ, “সকলো মানুহ মিছলীয়া।”


এদিন নগৰৰ লোকসকলে ইলীচাক ক’লে, “মহাশয়, আপুনিতো দেখিছেই যে এক সুন্দৰ অৱস্থানত এই নগৰখন আছে। কিন্তু ইয়াৰ পানী বিশুদ্ধ নহয় আৰু ভূমিয়েও ভাল শস্য উৎপন্ন নকৰে।”


তেতিয়া ল’ৰাটিৰ মাতৃয়ে এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, আপোনাৰ লগত মোৰ কি সমন্ধ? আপুনি জনো মোৰ অপৰাধ সোঁৱৰাবলৈ আৰু মোৰ পুত্ৰক মাৰি পেলাবলৈ আহিছে!”


তেতিয়া ওবদিয়াই ক’লে, “মই এনে কি পাপ কৰিলোঁ, আপুনি যে বধ কৰিবৰ বাবে আপোনাৰ দাসক আহাবৰ হাতত শোধাই দিছে?


ইলীচাই ক’লে, “তেওঁক মাতি আনা।” তেতিয়া গেহজীয়ে চুনেমীয়ানীক মাতি আনিলে আৰু তেওঁ আহি দুৱাৰ মুখত থিয় হ’ল।


পাছত মহিলাগৰাকী গর্ভৱতী হ’ল আৰু ইলীচাই যেনেকৈ কৈছিল ঠিক সেইদৰেই পিছৰ বছৰৰ একে সময়ত তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে।


তেতিয়া সেই মহিলাগৰাকীয়ে এলিয়াক ক’লে, “এতিয়া মই জানিলোঁ যে, আপুনি ঈশ্বৰৰ লোক আৰু আপোনাৰ মুখত থকা যিহোৱাৰ বাক্যও সত্য।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন