14 ইলীচাই ক’লে, “তেন্তে আমি তেওঁৰ কাৰণে কি কৰিব পাৰোঁ?” গেহজীয়ে উত্তৰ দিলে, “অৱশ্যে, তেওঁৰ কোনো পুত্র নাই আৰু তেওঁৰ স্বামীও বৃদ্ধ হ’ল।”
এই কথা শুনি অব্ৰাহামে মাটিত উবুৰি হৈ পৰিল আৰু হাঁহি মাৰি মনতে ক’লে, “এশ বছৰীয়া বৃদ্ধই সন্তান পাবনে আৰু নব্বৈ বছৰীয়া চাৰাই জানো সন্তান প্ৰসৱ কৰিব পাৰে?”
ইচহাকৰ ভাৰ্যা নিঃসন্তান আছিল বাবে ইচহাকে তেওঁৰ বাবে যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে; তাতে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁৰ ভাৰ্যা ৰিবেকা গৰ্ভৱতী হ’ল।
ৰাহেলে যেতিয়া দেখিলে যে তেওঁ যাকোবলৈ কোনো সন্তান জন্ম দিব পৰা নাই, তেতিয়া বায়েকক হিংসা কৰিবলৈ ধৰিলে। ৰাহেলে যাকোবক ক’লে, “মোক সন্তান দিয়া, নহ’লে মই মৰিম।”
তেতিয়া ইলীচাই তেওঁৰ দাসক ক’লে, “তেওঁক কোৱা, ‘আপুনি আমাৰ কাৰণে এই সকলো কষ্ট কৰিলে, এতিয়া আপোনাৰ কাৰণে আমি কি কৰিব পাৰোঁ? ৰজা বা প্রধান সেনাধ্যক্ষৰ ওচৰত আমি আপোনাৰ কাৰণে কিবা অনুৰোধ কৰিমনে?’” উত্তৰত মহিলাগৰাকীয়ে ক’লে, “মই মোৰ নিজৰ পৰিয়ালৰ মাজত ভালে আছোঁ।”
ইলীচাই ক’লে, “তেওঁক মাতি আনা।” তেতিয়া গেহজীয়ে চুনেমীয়ানীক মাতি আনিলে আৰু তেওঁ আহি দুৱাৰ মুখত থিয় হ’ল।
কিন্তু এলীচাবেৎ বন্ধ্যা হোৱা কাৰণে, তেওঁলোকৰ কোনো সন্তান নাছিল। তেওঁলোক দুয়ো বয়সতো অতি বৃদ্ধ আছিল।
সেই কালত দানীয়া গোষ্ঠীৰ মাজত চৰা নিবাসী মানোহ নামেৰে এজন মানুহ আছিল; তেওঁৰ পত্নী বাঁজী হোৱা বাবে সন্তান প্ৰসৱ কৰিব নোৱাৰিলে।
তেওঁৰ দুজনী ভার্যা আছিল; এজনীৰ নাম হান্না আৰু আন জনীৰ নাম পিনিন্না। পিনিন্নাৰ সন্তান আছিল, কিন্তু হান্না নিঃসন্তান আছিল।
তেতিয়া তেওঁৰ স্বামী ইলকানাই কয়, “হান্না তুমি কিয় কান্দিছা? তুমি কিয় আহাৰ গ্ৰহণ নকৰা? তোমাৰ হৃদয় দুখেৰে পৰিপূৰ্ণ কিয়? তোমাৰ দৃষ্টিত মই দহ জন পুত্ৰতকৈ উত্তম নহও নে?”