12 তেওঁ তেওঁৰ দাস গেহজীক ক’লে, “তুমি সেই চূনেমীয়া মহিলাগৰাকীক মাতা।” তাতে দাসজনে মহিলাগৰাকীক মাতিলে আৰু মহিলাগৰাকী আহি তেওঁৰ আগত থিয় হ’ল।
পাছত তেওঁ নিজৰ দাসক ক’লে, “এতিয়া উঠি গৈ সাগৰৰ ফালে চোৱা।” তাতে তেওঁ উঠি গৈ চাই ক’লে, “তাত একোৱেই নাই।” তেতিয়া এলিয়াই ক’লে, “তুমি আকৌ যোৱা আৰু সাতবাৰ এইদৰে কৰা।”
সেই বিষয়ে শুনি এলিয়াই উঠি নিজ প্ৰাণৰক্ষাৰ বাবে পলাই গ’ল আৰু যিহূদাৰ অধীনত থকা বেৰ-চেবালৈ আহি নিজৰ দাসক তাতেই এৰিলে।
কিন্তু যিহোচাফটে ক’লে, “ইয়াত যিহোৱাৰ কোনো ভাববাদী নাই নেকি যিজনৰ যোগেদি আমি যিহোৱাৰ ওচৰত সুধিব পাৰিম?” তাতে ইস্ৰায়েলৰ ৰজাৰ দাসবোৰৰ এজনে ক’লে, “চাফটৰ পুতেক ইলীচা ইয়াত আছে। তেওঁ এলিয়াৰ হাতত পানী বাকী দিয়া সেৱাকাৰী আছিল।”
এদিন ইলীচা যেতিয়া পুনৰ আহিছিল, তেওঁ সেই ওপৰ কোঁঠালিত গৈ বিশ্রাম লৈছিল।
তেতিয়া ইলীচাই তেওঁৰ দাসক ক’লে, “তেওঁক কোৱা, ‘আপুনি আমাৰ কাৰণে এই সকলো কষ্ট কৰিলে, এতিয়া আপোনাৰ কাৰণে আমি কি কৰিব পাৰোঁ? ৰজা বা প্রধান সেনাধ্যক্ষৰ ওচৰত আমি আপোনাৰ কাৰণে কিবা অনুৰোধ কৰিমনে?’” উত্তৰত মহিলাগৰাকীয়ে ক’লে, “মই মোৰ নিজৰ পৰিয়ালৰ মাজত ভালে আছোঁ।”
তাতে চালামী নগৰ পাই, ইহুদী সকলৰ নাম-ঘৰবোৰত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিলে৷ সেই সময়ত যোহনো তেওঁলোকৰ পৰিচাৰক হৈ আছিল৷