10 তাকে দেখি ইস্ৰায়েলৰ ৰজাই ক’লে, “হায় হায়! মোৱাবৰ হাতত পৰাজিত হ’বলৈকে যিহোৱাই আমাৰ এই তিনিজন ৰজাক একত্রিত কৰি মাতি আনিলে নেকি?”
তেতিয়া কয়িনে যিহোৱাক ক’লে, “এই শাস্তি মোৰ বাবে অসহনীয়।
কিন্তু যিহোচাফটে ক’লে, “ইয়াত যিহোৱাৰ কোনো ভাববাদী নাই নেকি যিজনৰ যোগেদি আমি যিহোৱাৰ ওচৰত সুধিব পাৰিম?” তাতে ইস্ৰায়েলৰ ৰজাৰ দাসবোৰৰ এজনে ক’লে, “চাফটৰ পুতেক ইলীচা ইয়াত আছে। তেওঁ এলিয়াৰ হাতত পানী বাকী দিয়া সেৱাকাৰী আছিল।”
সেইদৰে, যিহূদাৰ ৰজা আৰু ইদোমৰ ৰজাৰ সৈতে ইস্ৰায়েলৰ ৰজা ওলাই গ’ল। তেওঁলোকে সাত দিন ধৰি অর্ধবৃত্ত হৈ ঘূৰি আগবাঢ়ি গ’ল। তেতিয়া সৈন্যসকলৰ কাৰণে আৰু লগত নিয়া পশুবোৰৰ কাৰণে তেওঁলোকে পানী বিচাৰি পোৱা নাছিল।
ইলীচাই তেওঁলোকৰ সৈতে কথা কৈ থাকোতেই, সেই মানুহজন তেওঁৰ ওচৰলৈ নামি আহিল। পাছত ৰজাই আহি ক’লে, “চাওঁক, এই বিপদ যিহোৱাৰ পৰা আহিছে। তেন্তে যিহোৱাৰ কাৰণে মই আৰু কিয় বাট চাই থাকিম?”
মানুহৰ অজ্ঞানতাই তেওঁৰ জীৱন ধ্বংস কৰে; আৰু তেওঁৰ হৃদয় যিহোৱাৰ বিৰুদ্ধে ক্রোধাম্বিত হয়।
জালত পৰা হৰিণৰ দৰে তোমালোকৰ সন্তান সকল অচেতন হ’ল,তেওঁলোক প্ৰত্যেক আলিৰ চুকত পৰি ৰ’ল; তেওঁলোক যিহোৱাৰ ক্ৰোধ আৰু ঈশ্বৰৰ তিৰস্কাৰেৰে পৰিপূৰ্ণ।
তেওঁলোক দুখিত ও ক্ষুধিত হৈ দেশৰ মাজেদি যাব। তেওঁলোকৰ যেতিয়া ভোক লাগিব, তেতিয়া তেওঁলোকৰ খং উঠিব; আৰু তেওঁলোকৰ মুখ ওপৰলৈ কৰি নিজৰ ৰজা আৰু নিজৰ ঈশ্বৰক শাও দিব।