Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 3:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 যিহূদাত যিহোচাফটৰ ৰাজত্বৰ ওঠৰ বছৰত ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰাম ৰজা হ’ল। তেওঁ চমৰিয়াত থাকি বাৰ বছৰ ৰাজত্ব কৰিলে।

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 3:1
5 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই এলিয়াৰ যোগেদি যিদৰে কৈছিল, সেইদৰে ৰজা অহজিয়াৰ মৃত্যু হ’ল। অহজিয়াৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে তেওঁৰ ঠাইত যোৰাম ইস্রায়েলৰ ৰজা হ’ল। যিহূদাৰ ৰজা যিহোচাফটৰ পুত্র যিহোৰামৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যোৰাম ইস্রায়েলৰ ৰজা হৈছিল।


যিহোচাফটৰ পুত্র যিহোৰাম যিহূদাৰ ৰজা আছিল। ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ পঞ্চম বছৰত যিহোৰামে যিহূদাত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰে।


যিহূদাৰ যিহোচাফট ৰজাৰ ৰাজত্ৱৰ সপ্তদশ বছৰত আহাবৰ পুত্ৰ অহজিয়াই চমৰিয়াত ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে। তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল।


সেইদৰে, যিহূদাৰ ৰজা আৰু ইদোমৰ ৰজাৰ সৈতে ইস্ৰায়েলৰ ৰজা ওলাই গ’ল। তেওঁলোকে সাত দিন ধৰি অর্ধবৃত্ত হৈ ঘূৰি আগবাঢ়ি গ’ল। তেতিয়া সৈন্যসকলৰ কাৰণে আৰু লগত নিয়া পশুবোৰৰ কাৰণে তেওঁলোকে পানী বিচাৰি পোৱা নাছিল।


তেওঁ তেওঁলোকৰ পৰামৰ্শ অনুসৰণ কৰিলে; তেওঁ ইস্ৰায়েলৰ ৰজা আহাবৰ পুত্ৰ যিহোৰামৰ লগত ৰামোৎ-গিলিয়দত অৰামৰ ৰজা হজায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল৷ তাতে অৰামীয়াসকলে যোৰামক আঘাত কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন