5 সেই ধন যিহোৱাৰ গৃহত নিযুক্ত তত্বাৱধায়কসকলৰ হাতত দিয়া হওঁক আৰু তেওঁলোকে মন্দিৰৰ ভগ্ন স্থান মেৰামতি কৰিবলৈ সেই ধনেৰে যিহোৱাৰ গৃহত কাম কৰা বনুৱাসকলৰ মজুৰি দিয়ক।
পাছত পুৰোহিতসকলে এই সকলো ধন তেওঁলোকৰ কৰদাতাসকলৰ পৰা লৈ প্রয়োজনৰ সময়ত মন্দিৰ মেৰামতিৰ কামত সেই ধন ব্যৱহাৰ কৰিব।”
সেয়ে তেওঁলোকে শিলৰ কাম কৰা লোকসকলক আৰু কাৰিকৰ সকলক ৰূপ দিলে; আৰু পাৰস্যৰ ৰজা কোৰচৰ পৰা লোৱা অনুমতি অনুসাৰে লিবানোনৰ পৰা যাফোৰ সাগৰৰ তীৰলৈ এৰচ কাঠ আনিবৰ বাবে চীদোনীয়া আৰু তূৰীয়াসকলক আহাৰ, পেয় দ্ৰব্য, আৰু তেল দিলে।
তেওঁৰ পুত্ৰসকলৰ কথা, তেওঁৰ বিৰুদ্ধে কোৱা গুৰুতৰ ভাৰবাক্য আৰু ঈশ্বৰৰ গৃহ পুনৰায় স্থাপন কৰা কথা ৰজাসকলৰ ইতিহাস-পুস্তকৰ টীকাশাস্ত্ৰখনত লিখা আছে। পাছত তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।
কিয়নো সেই দুষ্ট তিৰোতা অথলিয়াৰ পুতেকহঁতে ঈশ্বৰৰ গৃহ ভাঙিছিল আৰু যিহোৱাৰ গৃহত থকা আটাই পবিত্ৰ বস্তু লৈ বাল দেৱতাৰ কাৰণে খৰচ কৰিছিল।
কাঠমিস্ত্রী, ঘৰ নির্মাতা আৰু ৰাজমিস্ত্ৰীসকলক মজুৰি দিয়ক; তাৰ উপৰি মন্দিৰ মেৰামতিৰ কাৰণে যেন কাঠ আৰু কটা শিল আদি কিনে।”
তেওঁলোকে যিহোৱাৰ গৃহত নিযুক্ত থকা কাৰ্য চলাওঁতা সকলৰ হাতত তাক দিলে; পাছত কাৰ্য চলাওঁতা সকলে অৰ্থাৎ যিহোৱাৰ গৃহত কাম কৰাওঁতা লোকসকলে সেই গৃহ মেৰামত কৰিবৰ আৰু সুসজ্জিত কৰিবৰ বাবে তাক দিলে,