Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 22:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 ‘এই কাৰণতে শুনা, মই তোমাক তোমাৰ পূর্বপুৰুষসকলৰ ওচৰলৈ লৈ যাম; তোমাক শান্তিৰে মৈদাম দিয়া হ’ব। এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত মই যি অমঙ্গল আনিম, তোমাৰ‍ চকুৱে তাক নেদেখিব’।” তেতিয়া লোককেইজনে হুল্দাৰ এই বার্তা লৈ ৰজাৰ ওচৰলৈ উলটি গ’ল।

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 22:20
10 পৰস্পৰ সংযোগসমূহ  

সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা; কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়।


যেতিয়া তোমাৰ আয়ুস সম্পূৰ্ণ হ’ব আৰু তোমাৰ ওপৰ-পিতৃসকলৰ ওচৰলৈ যাব লগা হ’ব, তেতিয়া তোমাৰ পাছত তোমাৰ বংশধৰক বৃদ্ধি কৰিম, আৰু তোমাৰ নিজৰ বংশৰ এজনৰ কাৰণে, মই তেওঁৰ ৰাজ্য স্থাপন কৰিম।


অব্ৰাহামে সম্পূৰ্ণ আয়ুস পাই এক উত্তম বৃদ্ধ অৱস্থাত মৃত্যু বৰণ কৰিলে আৰু তেওঁ ওপৰ পিতৃসকলৰ ওচৰলৈ গ’ল।


তোমালোকে মৃত জনৰ বাবে নাকান্দিবা, আৰু সেইজনৰ বাবে বিলাপ নকৰিবা; কিন্তু দূৰলৈ যোৱা মানুহজনৰ নিমিত্তে বৰকৈ ক্ৰন্দন কৰা, কিয়নো তেওঁ আৰু উলটি নাহিব, বা নিজৰ জন্ম দেশ আৰু নেদেখিব’”।”


‘চোৱা, মই তোমাৰ ওপৰ-পিতৃসকলৰ লগত তোমাক নিম আৰু তোমাক শান্তিৰে তোমাক মৈদামলৈ নিয়া হ’ব; আৰু মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত যিবোৰ অমঙ্গল ঘটাম, সেইবোৰৰ একোকে তোমাৰ চকুৱে নেদেখিব’।” পাছত তেওঁলোকে উলটি আহি ৰজাক এই বাতৰি দিলে।


যিহোৱাই মোচিক ক’লে, “শুনা, তুমি তোমাৰ ওপৰ-পিতৃসকলৰ লগত নিদ্রিত হ’বা; এই লোকসকলে উঠি যি দেশত সোমাবলৈ গৈ আছে, তেওঁলোক সেই ঠাইৰ লোকৰ মাজত থাকিব; তেওঁলোকে সেই দেশৰ আন দেৱতাবোৰৰ পাছত চলি ব্যভিচাৰৰ দৰে কার্য কৰিব আৰু মোক ত্যাগ কৰিব; মই তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটিও তেওঁলোকে ভাঙিব।


হিষ্কিয়াই তেতিয়া যিচয়াক ক’লে, “আপুনি যিহোৱাৰ যি কথা ক’লে, সেয়ে উত্তম।” তেওঁ এই কথা ক’লে, কাৰণ তেওঁ ভাৱিছিল, “মোৰ জীৱন কালত শান্তি আৰু নিৰাপদ হ’লে, সেয়ে জানো উত্তম নহ’ব?”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন