10 লেখক চাফনে ৰজাক এই কথাও জনালে, “প্রধান পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিছে।” এইবুলি কৈ চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।
ব্যৱস্থা পুস্তকত যি লিখা আছিল, তাক শুনি ৰজাই নিজৰ কাপোৰ ফালিলে।
তাৰ পাছত চাফনে পুস্তকখন লৈ ৰজাৰ ওচৰলৈ গ’ল আৰু এই সংবাদ দিলে, “আপোনাৰ দাসবোৰে মন্দিৰত পোৱা ধন বাহিৰ কৰি যিহোৱাৰ গৃহৰ তদাৰক কৰা তত্বাৱধায়কসকলৰ হাতত দিলে।”
পুনৰ লিখক চাফনে ৰজাক জনালে, বোলে, “পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিলে।” তেতিয়া চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।
সেই দিনা, লোকসকলে শুনিব পৰাকৈ মোচিৰ বিধান-পুস্তক পাঠ কৰা হৈছিল। বিধান-পুস্তকত লিখা অনুসাৰে গ’ম পোৱা গ’ল যে, “অম্মোনীয়া বা মোৱাবীয়া লোকসকল কেতিয়াও ঈশ্বৰৰ মহাসভালৈ আহিব নোৱাৰিব।”
ইজ্ৰাই প্ৰথম দিনৰে পৰা শেষৰ দিনলৈকে প্ৰতি দিনে ঈশ্বৰৰ ব্যৱস্থা পুস্তক পাঠ কৰিলে। তেওঁলোকে সাত দিন পৰ্ব্ব পালন কৰিলে; আৰু বিধি অনুসাৰে অষ্টম দিনা ধৰ্ম-সভা পালন কৰিলে।
মোৰ হাতে সকলো নিৰ্ম্মাণ কৰিলে, সেই বাবেই এই সকলো হ’ল, ইয়াক যিহোৱাই কৈছে; দুখীয়া, ভগ্ন-চিত্তীয়া, আৰু মোৰ বাক্যত কঁপা জনলৈহে মই অনুমতি দিম।
যিহোৱাৰ বাক্যত কম্পমান হোৱা যি তোমালোক, তোমালোক তেওঁৰ বাক্য শুনা; তোমালোকৰ যি ভাইসকল তোমালোকক ঘিণ কৰে, আৰু মোৰ নামৰ অৰ্থে তোমালোকক বহিষ্কৃত কৰে, তেওঁলোকে কয়, ‘যিহোৱা মহিমান্বিত হওক, তেতিয়া আমি তোমালোকৰ আনন্দ দেখিবলৈ পাম; কিন্তু তেওঁলোক লজ্জিত হ’ব।
তুমি ৰজা আৰু ৰাজমাক কোৱা, “নিজকে নম্র কৰা আৰু তোমালোক চাপৰত বহা, কিয়নো তোমালোকৰ শিৰোভুষণ, এনে কি, সুন্দৰ মুকুট খহি পৰিল।
তেতিয়া লোকসকলে শুনিবলৈ বাৰুকে পুথিখন পাঠ কৰা সময়ত মীখায়াই যি সকলো বাক্য শুনিছিল, তেওঁ তাক তেওঁলোকৰ আগত প্ৰকাশ কৰিলে।
তেওঁলোকে তেওঁক ক’লে, “এতিয়া বহি আমি শুনাকৈ পাঠ কৰা; তেতিয়া বাৰুক তেওঁলোকে শুনাকৈ পাঠ কৰিলে।”
তেতিয়া ৰজাই পুথিখন আনিবলৈ যিহূদীক পঠিয়ালে, যিহূদীয়ে ইলীচামা লিখকৰ কোঁঠালিৰ পৰা তাক আনিলে। আৰু ৰজাই শুনাকৈ, আৰু তেওঁৰ ওচৰত থিয় হৈ থকা সকলো প্ৰধান লোকে শুনাকৈ যিহূদীয়ে তাক পাঠ কৰিলে।
এই হেতুকে তুমি গৈ যিহোৱাৰ গৃহত উপবাসৰ দিনা, মোৰ মুখৰ পৰা পুথিখনত লিখা যিহোৱাৰ বাক্যবোৰ তেওঁৰ গৃহত থকা লোকসকলে আৰু বিভিন্ন নগৰৰ পৰা অহা যিহূদাৰ সকলো লোকে শুনাকৈ পাঠ কৰা।