Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 20:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 পাছত হিষ্কিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ মনচি তেওঁৰ পদত ৰজা হ’ল।

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 20:21
8 পৰস্পৰ সংযোগসমূহ  

পাছত হিষ্কিয়া তেওঁৰ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে দায়ুদৰ সন্তান সকলৰ মৈদামনিৰ সকলোতকৈ ওখ ঠাইত তেওঁক মৈদাম দিলে৷ তেওঁৰ মৰণৰ কালত সমুদায় যিহূদা আৰু যিৰূচালেম-নিবাসীসকলে তেওঁক সন্মান কৰিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ মনচি তেওঁৰ পদত ৰজা হ’ল।


পাছত উজ্জিয়া তেওঁৰ পূর্ব-পুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল; তেওঁলোকে তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত, ৰজাসকলৰ মৈদামনীত তেওঁক মৈদাম দিলে৷ কাৰণ তেওঁলোকে কৈছিল, “তেওঁ কুষ্ঠৰোগী।” তাৰ পাছত তেওঁৰ পুত্ৰ যোথম তেওঁৰ পদত ৰজা হ’ল।


পাছত মনচি তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক নিজৰ ঘৰৰ বাৰীত অৰ্থাৎ উজ্জাৰ বাৰীত মৈদাম দিলে। তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হ’ল।


মনচি বাৰ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হেফচীবা।


পাছত ৰহবিয়াম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজ পূর্বপুৰুষসকলৰ লগত দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ মাকৰ নাম অম্মোনীয়া নয়মা; পাছত তেওঁৰ পুত্ৰ অবিয়াম তেওঁৰ পদত ৰজা হ’ল।


পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক তেওঁৰ পিতৃ দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।


তাৰ পাছত দায়ুদ নিজৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁক দায়ুদৰ নগৰত মৈদাম দিয়া হ’ল।


আহজৰ পুত্র হিষ্কিয়া; হিষ্কিয়াৰ পুত্র মনচি;


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন