20 হিষ্কিয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰমৰ কথা আৰু তেওঁ কেনেকৈ পুখুৰী আৰু নলা কৰি নগৰলৈ পানী আনিছিল, এই সকলো জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
বৈৎ-চুৰ জিলাৰ আধা অংশত শাসন কৰা অজবুকৰ পুত্ৰ নহিমিয়াই দায়ুদৰ মৈদামবোৰৰ ঠাইৰ পৰা, মানুহে খনা পুখুৰীলৈকে, আৰু বীৰপুৰুষ সকলৰ ঘৰলৈকে মেৰামতি কৰিলে।
হিষ্কিয়াৰ অৱশিষ্ট বৃত্তান্ত আৰু তেওঁৰ সৎকাৰ্য্যৰ কথা আমোচৰ পুত্ৰ যিচয়া ভাববাদীৰ দৰ্শন-পত্ৰিকাত, যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে।
তেতিয়া অনেক মানুহ গোট খাই সকলো ভুমুক আৰু দেশৰ মাজেদি বৈ যোৱা জুৰিবোৰ বন্ধ কৰি দিলে। তেওঁলোকে ক’লে,অচূৰৰ ৰজাসকলে আহি কিয় অধিক পৰিমাণে পানী পাব?”
এই হিষ্কিয়াই ওপৰৰ ফালে থকা গীহোন ভুমুকৰ মুখ বন্ধ কৰি পোনে পোনে দায়ুদৰ নগৰৰ পশ্চিম ফালেদি সেই পানী নমাই আনিছিল৷ হিষ্কিয়াই তেওঁৰ সকলো কাৰ্যত কৃতকাৰ্য হ’ল।
ৰজা আহজৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
পকহিয়াৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা আছে।
উজ্জিয়াৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ বর্ণনা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
যিহোৰামৰ অন্যান্য সকলো কার্যৰ বিৱৰণ জানো ‘যিহূদাৰ ৰজাসকলৰ ইতিহাস’ নামৰ পুস্তকখনত লিখা নাই?
আচাৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰম, তেওঁ কৰা সকলো কাৰ্য আৰু তেওঁ সাজি দৃঢ় কৰা নগৰবোৰৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই? কিন্তু তেওঁৰ বৃদ্ধ অৱস্থাত তেওঁৰ ভৰিত বেমাৰ হ’ল।
অবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা, যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই? সেই সময়ত অবিয়াম আৰু যাৰবিয়ামৰ মাজত যুদ্ধ চলি আছিল।
যাৰবিয়ামৰ অৱশিষ্ট বৃত্তান্ত, অৰ্থাৎ তেওঁ কেনেকৈ যুদ্ধ কৰিছিল আৰু কি প্ৰকাৰে ৰাজ্য শাসন কৰিছিল, চোৱা, তেওঁৰ বিৱৰণ ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তক খনত লিখা আছে।
তথাপিও, অচূৰৰ ৰজাই লাখীচৰ পৰা তৰ্তন, ৰবচাৰীচ, আৰু ৰবচাকিক বহু সৈন্যসামন্তৰে সৈতে যিৰূচালেমলৈ হিষ্কিয়া ৰজাৰ ওচৰলৈ পঠালে। তেওঁলোকে যাত্ৰা কৰি আহি যিৰূচালেমৰ ওচৰ পাই ওখ ঠাইৰ পুখুৰীৰ পানী বৈ অহা নলাৰ ফালে আগবাঢ়ি গৈ ঘাইপথৰ ধোবাসকলৰ পথাৰৰ কাষত থিয় হ’ল।
তাৰ পাছত মই ভুমুক-দুৱাৰ আৰু ৰজাৰ পুখুৰীলৈকে গ’লোঁ। মই উঠি যোৱা জন্তুটো যাবৰ বাবে সেই ঠাই অতি ঠেক আছিল।
ৰহবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
যোচিয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
তেওঁ নগৰৰ বাহিৰত থকা ভুমুকবোৰৰ পানী বন্ধ কৰিবলৈ অধ্যক্ষ আৰু বীৰপুৰুষসকলৰ সৈতে আলোচনা কৰিলে; তাতে তেওঁলোকে তেওঁক সহায় কৰিলে।
সেই সময়ত হিষ্কিয়া নৰীয়া হৈ মৃত্যুশয্যাত পৰিল৷ তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে, তাতে যিহোৱাই তেওঁক উত্তৰ দিলে আৰু তেওঁ যেন সুস্থ হয়, তাৰে এটা আচৰিত লক্ষণ দেখুৱালে।