12 সেই সময়ত বলদানৰ পুত্ৰ বেবিলনৰ ৰজা বৰোদক বলদানে ৰজা হিষ্কিয়াৰ অসুখৰ খবৰ পালে। সেয়ে তেওঁ হিষ্কিয়াৰ ওচৰলৈ পত্ৰ আৰু এটি উপহাৰ পঠালে।
নিম্রোদৰ ৰাজত্বৰ প্রথম ঠাইবোৰ আছিল চিনাৰ দেশৰ বাবিল, এৰক, অক্কদ, আৰু কলনি।
এইবাবেই সেই ঠাইৰ নাম বাবিল ৰখা হ’ল, কিয়নো সেই ঠাইতেই যিহোৱাই গোটেই পৃথিৱীত ভাষাৰ ভেদ জন্মালে আৰু তাৰ পৰাই যিহোৱাই তেওঁলোকক পৃথিৱীত সিচঁৰিত কৰিলে।
তাতে দায়ুদে ক’লে, “হানুনৰ পিতৃ নাহচে মোক যিদৰে অনুগ্ৰহ কৰিছিল, সেই দৰে ময়ো হানুনক অনুগ্ৰহ কৰিম।” এই বুলি দায়ূদে তেওঁৰ পিতৃৰ বাবে সান্ত্বনা দিবলৈ নিজৰ দাসবোৰক পঠিয়ালে। তাতে দায়ুদৰ দাসবোৰে অম্মোনৰ সন্তান সকলৰ দেশ প্ৰবেশ কৰিলে৷
তেতিয়া যুদ্ধত হদদেজৰক আঘাত কৰি পৰাজয় কৰাৰ বাবে দায়ুদ ৰজাক ধন্যবাদ দিবলৈ আৰু তেওঁৰ মঙ্গল সুধিবলৈ, তেওঁৰ পুত্ৰ যোৰামক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো হদ্দেজৰৰ বিৰুদ্ধেও তোৱীৰৰ যুদ্ধ চলি আছিল। পাছে যোৰামে ৰূপৰ, সোণৰ আৰু পিতলৰ পাত্ৰ হাতত লৈ আহিল৷
কিন্তু হিষ্কিয়াই পোৱা উপকাৰ অনুসাৰে যিহোৱাক প্ৰতিদান নিদিলে, কিয়নো তেওঁৰ মন গৰ্ব্বী হ’ল৷ এই হেতুকে তেওঁৰ, যিহূদাৰ আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ হ’ল।
কিন্তু দেশত ঘটা অদ্ভুত লক্ষণৰ বিষয়ে সুধিবলৈ বাবিলৰ অধ্যক্ষসকলে পঠোৱা দূতবোৰৰ কথাত হ’লে, ঈশ্বৰে তেওঁৰ মনৰ সকলো ভাব জানিবৰ বাবে পৰীক্ষা কৰিবলৈ তেওঁক ত্যাগ কৰিলে।
আমোচৰ পুত্ৰ যিচয়াই পোৱা বাবিলৰ বিষয়ে ঘোষণা।
আৰু বাবিল, যি ৰাজ্যবোৰৰ প্রশংসিত, যাৰ ঐশ্বৰ্যত কলদীয়াই অহংকাৰ কৰে, ঈশ্বৰে নিপাত কৰা চদোম আৰু ঘমোৰাৰ দৰে হ’ব।
তোমালোকে বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্রূপৰ গীত গাবা, উপদ্ৰৱ কৰা সকলৰ কেনেকৈ অন্ত হ’ল, গর্ব্বেৰে কৰা উত্তেজনাৰ অন্ত হ’ল!