2 ৰাজা 2:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201919 এদিন নগৰৰ লোকসকলে ইলীচাক ক’লে, “মহাশয়, আপুনিতো দেখিছেই যে এক সুন্দৰ অৱস্থানত এই নগৰখন আছে। কিন্তু ইয়াৰ পানী বিশুদ্ধ নহয় আৰু ভূমিয়েও ভাল শস্য উৎপন্ন নকৰে।” অধ্যায়টো চাওক |
তাৰ পাছত যিহোৱাই মোচিক ক’লে, “হাৰোণক এই কথা কোৱা, ‘তুমি তোমাৰ লাখুটিডাল হাতত লৈ মিচৰ দেশৰ সকলো পানী যেনে নদী, খাল, বিল, আৰু সকলো পুখুৰীবোৰত লাখুটিডালেৰে প্রহাৰ কৰা; যাতে সেই সকলো পানী তেজলৈ ৰূপান্তৰিত হয়। এইদৰে কৰা যাতে গোটেই মিচৰ দেশত এনেকি তেওঁলোকৰ কাঠ আৰু শিলৰ পাত্ৰতো পানী তেজলৈ ৰূপান্তৰিত হয়।”
তেওঁ ৰাজত্ব কৰা কালত বাৎএলীয়া হীয়েলে পুনৰায় যিৰীহো নিৰ্মাণ কৰিলে। তেওঁলোকে যিহোৱাৰ বাক্য মানি চলিছিল আৰু সেই কাৰণে যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাৰ মুখেৰে কোৱা বাক্য অনুসাৰে, তেওঁ নিজ বৰ পুত্ৰ অবীৰামক দণ্ড স্বৰূপে দি যিৰীহোৰ ভিত্তিমূলক স্থাপন কৰিলে আৰু নিজ সৰু পুত্ৰ চগূবক দণ্ড স্বৰূপে দি যিৰীহোৰ দুৱাৰবোৰ লগালে।