Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 19:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

9 তাৰ পাছতে অচূৰৰ ৰজা চনহেৰীবে খবৰ পালে যে মিচৰ আৰু কুচ দেশৰ ৰজা তিৰ্হাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ওলাই আহিছে। তেতিয়া অচূৰৰ ৰজাই পুনৰ হিষ্কিয়াৰ ওচৰলৈ লোকসকলৰ যোগেদি এক বার্তা পঠাই দিলে:

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 19:9
7 পৰস্পৰ সংযোগসমূহ  

এজন বাৰ্তাবাহক চৌলৰ ওচৰলৈ আহি ক’লে, “আপুনি বেগাই আহক; কিয়নো পলেষ্টীয়াসকলে দেশ আক্ৰমণ কৰিছে।”


তেতিয়া ৰজা অচৰীয়াই শুনিলে যে, কুচ আৰু মিচৰীয়া দেশৰ ৰজা তিৰ্হাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্য সমবেত কৰিছে; সেয়ে তেওঁ বাৰ্ত্তাৰে সৈতে বাৰ্ত্তাবাহকক হিষ্কিয়াৰ ওচৰলৈ পঠিয়ালে।


তথাপিও, অচূৰৰ ৰজাই লাখীচৰ পৰা তৰ্তন, ৰবচাৰীচ, আৰু ৰবচাকিক বহু সৈন্যসামন্তৰে সৈতে যিৰূচালেমলৈ হিষ্কিয়া ৰজাৰ ওচৰলৈ পঠালে। তেওঁলোকে যাত্ৰা কৰি আহি যিৰূচালেমৰ ওচৰ পাই ওখ ঠাইৰ পুখুৰীৰ পানী বৈ অহা নলাৰ ফালে আগবাঢ়ি গৈ ঘাইপথৰ ধোবাসকলৰ পথাৰৰ কাষত থিয় হ’ল।


পাছত ৰবচাকিয়ে উভটি আহি শুনিলে যে অচূৰৰ ৰজাই লাখীচ এৰি লিব্‌নাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।


“তোমালোকে গৈ যিহূদাৰ ৰজা হিষ্কিয়াক কোৱাগৈ, ‘আপোনাৰ ঈশ্বৰ, যিজনৰ ওপৰত আপুনি ভাৰসা ৰাখে, তেওঁ এইবুলি কৈ প্রতাৰণা কৰিবলৈ নিদিব ‘অচূৰৰ ৰজাৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব’।”


হাঁয় হাঁয়, ইথপিয়া নদীৰ সিপাৰে থকা পখীৰ মৰ্মৰধ্বনি হোৱা দেশ,


তেওঁ নগৰলৈ ইস্ৰায়েলৰ ৰজা আহাবৰ ওচৰলৈ দূত পঠিয়াই তেওঁক ক’লে, “বিন-হদদে এই কথা কৈছে:


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন