2 ৰাজা 19:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201910 “তোমালোকে গৈ যিহূদাৰ ৰজা হিষ্কিয়াক কোৱাগৈ, ‘আপোনাৰ ঈশ্বৰ, যিজনৰ ওপৰত আপুনি ভাৰসা ৰাখে, তেওঁ এইবুলি কৈ প্রতাৰণা কৰিবলৈ নিদিব ‘অচূৰৰ ৰজাৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব’।” অধ্যায়টো চাওক |
মই উলটি আহি আপোনালোকক আপোনালোকৰ নিজৰ দেশৰ দৰে শস্য আৰু নতুন দ্রাক্ষাৰসৰ দেশ, অন্ন আৰু দ্ৰাক্ষাবাৰীবোৰৰ দেশ, জিতগছ আৰু মধু থকা এখন দেশলৈ লৈ যাম; তাত আপোনালোকৰ মৃত্যু নহ’ব, কিন্তু জীয়াই থাকিব।’ হিষ্কিয়াই যেতিয়া আপোনালোকক এই কথা কৈ ফুচুলাব বিচাৰে যে, ‘যিহোৱাই আপোনালোকক উদ্ধাৰ কৰিব,’ তেতিয়া আপোনালোকে তেওঁৰ কথা নুশুনিব।